ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ পেৰলত মুক্তি লাভ কৰা কাৰাবন্দীক জেইললৈ ঘূৰি অহাৰ নিৰ্দেশ

যোগী আদিত্য নাথ চৰকাৰে পেৰল পিৰিয়ডত মুক্তি লাভ কৰা কাৰাবন্দী সকলক জেইললৈ ঘূৰি অহাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ চলিত বৰ্ষৰ মে মাহত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি ২,২৫৬ জন কাৰাবন্দীক পেৰলত মুকলি কৰি দিছিল ৷

Prisoners released during pandemic in UP, asked to return to jail
উত্তৰ প্ৰদেশৰ পেৰলত মুক্তি লাভ কৰা কাৰাবন্দীক জেইললৈ ঘূৰি অহাৰ নিৰ্দেশ
author img

By

Published : Dec 1, 2020, 2:05 PM IST

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ চৰকাৰে নিৰ্দেশ জাৰি কৰিছে যে,ৰাজ্যৰ কাৰাগাৰৰ পৰা মুক্তি দিয়া কাৰাবন্দীসকলক আৰু অধিক সময় দিয়া নহ'ব ৷ সকলো কাৰাবন্দীক জেইললৈ ঘূৰাই আনিবলৈ কাৰাগাৰ বিভাগক এক নিৰ্দেশ জাৰি কৰা হৈছে ৷ চলিত বৰ্ষৰ মে মাহত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি ২,২৫৬ জন কাৰাবন্দীক মুকলি কৰি দিয়া হৈছিল। ক'ভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি কাৰাগাৰসমূহত সাত বছৰৰ কম সময়ৰ কাৰাবন্দী সকলক মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

ৰাজ্যখনৰ কাৰাগাৰ বিভাগে জনাইছে যে, ২,২৫৬ জন কয়দীৰ ভিতৰত চাৰিজনৰ মৃত্যু হৈছে, ১৩৬ জন ক'ৰণাক্ৰান্ত হোৱাত সুস্থ হোৱাৰ পাছত মুকলি কৰি দিয়া হৈছিল আৰু আন ৫৬ জন কাৰাবন্দীৰক বিশেষ কাৰণত জেইলৰ ভিতৰতে ৰখা হৈছিল ৷

কাৰাগাৰৰ ডাইৰেক্টৰ জেনেৰেল আনন্দ কুমাৰে কয় যে, "আমি ৬৯৩ জন কাৰাবন্দীক জেইললৈ ঘূৰাই আনিছো আৰু বাকীসকলেও ঘূৰি আহিব লাগিব । তেওঁলোকৰ বাবে সংশ্লিষ্ট জিলা কাৰাগাৰ আৰু আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পাছতো ২৯ এপ্ৰিলত পিলাইভিত জিলা কাৰাগাৰৰ পৰা পেৰলত মুক্তি লাভ কৰা ১৫ জন কাৰাবন্দীৰ ভিতৰত আঠজন কাৰাবন্দী জেইললৈ উভটি অহা নাই।

কাৰাগাৰৰ অধীক্ষকে প্ৰেৰণ কৰা এখন পত্ৰৰ পিছত আৰক্ষী অধীক্ষকে সকলো কাৰাবন্দীকে জেইল কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৷ যিহেতু কাৰাবন্দীসকলক মুক্তি দিয়া হৈছিল তেওঁলোকৰ পেৰল আঠ সপ্তাহলৈ সম্প্ৰসাৰিত কৰি ৷

২৩ নৱেম্বৰলৈ কাৰাবন্দী সকলক ঘূূৰি অহাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল,কিন্তু সৰ্বাধিক সাত বছৰৰ কাৰাবন্দীসকলৰ ১৫ জনৰ ভিতৰত মাত্ৰ সাতজনহে জেললৈ উভটি আহিছে বুলি কাৰাগাৰৰ অধীক্ষক বিবেক ত্ৰিপাঠীয়ে জনায় ৷

লগতে পঢ়ক: কৃষক বিদ্ৰোহ : দিল্লীৰ বুৰাৰী গ্ৰাউণ্ডত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.