ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ২.৩ লাখ টকা প্ৰদান কাৰাবন্দীৰ - কাৰাবন্দীৰ মহানুভৱতা উত্তৰ প্ৰদেশত

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ ২.৩ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কাৰাবন্দীৰ । মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ আগবঢ়োৱা হয় টকাখিনি ।

Prisoners donate Rs 2.3 lakh to CM Relief Fund in UP
Prisonউত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ২.৩ লাখ টকা প্ৰদান কাৰাবন্দীৰers donate Rs 2.3 lakh to CM Relief Fund in UP
author img

By

Published : Apr 16, 2020, 6:11 PM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ উত্তৰ প্ৰদেশত প্ৰায় ৫০০ তকৈ অধিক কাৰাবন্দীৰ মহানুভৱতা । মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ আগবঢ়ালে ২.৩ লাখ টকাৰ আৰ্থিক সাহাৰ্য। ৰাজ্যখনৰ পাঁচখন কাৰাগাৰৰ প্ৰায় ৫০০ তকৈ অধিক কাৰাবন্দীয়ে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰলৈ আগবঢ়াইছে এই আৰ্থিক সাহাৰ্য । মেৰুট,মুজাফ্ফৰনগৰ,বুলন্দচহৰ,গাজিয়াবাদ,বাঘপটৰ কাৰাবন্দীয়ে আগবঢ়ায় এই বৰঙণি । কাৰাবন্দী সকলে কাৰাগাৰত কৰা কাঠমিস্ত্ৰী,চিলাই,বয়ন শিল্প ইত্যাদি কামৰ বাবদ লাভ কৰা পাৰিশ্ৰমিকৰ পৰা এই ধন যুগুত কৰি চৰকাৰলৈ আগবঢ়াইছে ।

এই সন্দৰ্ভত কাৰাগাৰৰ পৰিচালক আনন্দ কুমাৰে কয়, এই কাৰ্যৰ জৰিয়তে মহামাৰী কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰক সহায় কৰাৰ সংকল্প ফুটি উঠিছে কাৰাবন্দী সকলৰ। কাৰাবন্দী সকলে যি বেতন লাভ কৰে সেই সমূহ কাৰাগাৰৰ কেন্টিনৰ পৰা সামগ্ৰী ক্ৰয় কৰাত ব্য়ৱহাৰ কৰা হয়। কিন্তু এই টকাখিনি তেওঁলোকে চৰকাৰক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গাজিয়াবাদৰ কাৰাগাৰৰ পৰা ৮৪,৬০০ টকা,মেৰুটৰ পৰা ৮১,৭০০ টকা, মুজাফ্ফৰনগৰৰ পৰা ২৮,০০০ টকা সংগ্ৰহ কৰা হৈছে ।

আনহাতে উত্তৰ প্ৰদেশৰ প্ৰত্যেক খন কাৰাগাৰতে ক্ষুদ্ৰ বজাৰৰ বাবে কাৰাবন্দী সকলে উচ্চ মানদণ্ড,প্ৰতিৰোধ ক্ষমতা সম্পন্ন মাস্ক তৈয়াৰ কৰিছে। এমাহত প্ৰায় পাঁচ লাখ মাস্ক তৈয়াৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইপিনে কিছু কিছু কাৰাগাৰত পিপিই কিট্ বনোৱাৰো কাম আৰম্ভ কৰা হৈছে । এই কীট্ সমূহ ব্যৱহাৰ কৰিব স্বাস্থ্য কৰ্মীসকলে ।

ইয়াৰ ভিতৰত আছে পিপিইৰ পঞ্চাছটা ছেট,সম্পূৰ্ণ মুখ ঢাকিব পৰাকৈ শ্লীড মাস্ক আৰু সম্পূৰ্ণ শৰীৰ ঢাকিব পৰাকৈ পোছাক সন্নিৱিষ্ট হৈ আছে । বালৰামপুৰ কাৰাগাৰত আৰম্ভ কৰা হৈছে ইয়াৰ কাম-কাজ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.