ETV Bharat / bharat

উড়িশা আৰু পশ্চিমবংগৰ মুখ্য়মন্ত্ৰীৰে বাৰ্তালাপ ৰাষ্ট্ৰপতিৰ

উড়িশা আৰু পশ্চিমবংগত আম্ফানৰ ধ্বংসলীলাৰ পাচতেই দুয়োখন ৰাজ্য়ৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ । নৱীন পাটনায়ক আৰু মমতা বেনাৰ্জীক যথোপযুক্ত সহায়ৰ আশ্বাস ৰাষ্ট্ৰপতিগৰাকীৰ ।

author img

By

Published : May 23, 2020, 7:54 AM IST

Prez speaks to Mamata, Naveen Patnaik; says nation stands united with Amphan-affected people
উড়িশা আৰু পশ্চিমবংগৰ মুখ্য়মন্ত্ৰীৰে বাৰ্তালাপ ৰাষ্ট্ৰপতিৰ

নিউজ ডেস্ক, ২৩ মে': আম্ফানৰ তাণ্ডৱলীলাৰ পাচতেই শেহতীয়া পৰিস্থিত, ভুক্তোভোগী, ক্ষয়-ক্ষতিৰ পৰিমাণৰ বুজ ল'বলৈ শুকুৰবাৰে পশ্চিমবংগ আৰু উড়িশাৰ মুখ্য়মন্ত্ৰীৰ সৈতে বাৰ্তালাপ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ । এই বাৰ্তালাপতেই দুয়োখন ৰাজ্যক যথোপযুক্ত সহায়ৰ আশ্বাস প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে । ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন ৰাজ্য়ৰ ৰাজ্য়পাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰাৰ কথা টুইটাৰ যোগে অৱগত কৰে ।

  • In the aftermath of Cyclone Amphan, I spoke with the Governor of West Bengal, Shri Jagdeep Dhankhar, and Chief Minister Mamata Banerjee, today to enquire about the situation following the large-scale loss of life and property caused by Cyclone Amphan.

    — President of India (@rashtrapatibhvn) May 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ঘূৰ্ণীবতাহ আম্ফানৰ ফলত প্ৰভাৱিত হোৱা দুয়োখন ৰাজ্যৰে ভুক্তভোগী জনতাক ৰাষ্ট্ৰৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা দিয়াৰ যথোপযুক্ত চেষ্টা কৰাৰ লগতে অতি সোনকালে এই পৰিস্থিতিৰ পৰা দুয়োখন ৰাষ্ট্ৰ শক্তিশালী ৰূপত উদ্ধাৰ হয় তাৰে কামনা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

কৰ'ণা ভাইৰাছ মহামাৰীৰ বিভীষিকাৰ মাজতেই দুয়োখন ৰাজ্যত অহা আম্ফান ঘূৰ্ণীবতাহৰ ফলত বিস্তৰ ক্ষতিসাধনৰ সন্মুখীন হয় । এই বিধ্বংসী ঘূৰ্ণীবতাহত বহু লোকে প্ৰাণ হেৰুৱালগীয়া হয় । প্ৰায় ১৫০-১৮৫ কিল'মিটাৰ প্ৰতিঘণ্টা বেগেৰে বতাহ-ধুমুহা, প্ৰৱল বৃষ্টিপাত হৈছিল আম্ফান ঘূৰ্ণীবতাহৰ ফলত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.