ETV Bharat / bharat

ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ দোষীক ক্ষমা প্ৰাৰ্থনাৰ কৰিব তামিলনাডুৰ ৰাজ্যপালে

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী হৈ থকা এ জি পেৰাৰিভালানে 2018 চনতে জনোৱা ক্ষমা প্ৰাৰ্থনাৰ বাবে তামিলনাডুৰ ৰাজ্যপালে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

author img

By

Published : Feb 5, 2021, 9:41 AM IST

ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ দোষীক ক্ষমা প্ৰাৰ্থনা কৰিব তামিলনাডুৰ ৰাজ্যপালে

নেশ্যনেল ডেস্ক,5 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক এক বিবৃতি যোগে কয় যে,ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী হৈ থকা এ জি পেৰাৰিভালানে 2018 চনতে জনোৱা ক্ষমা প্ৰাৰ্থনাৰ বাবে তামিলনাডুৰ ৰাজ্যপালে এক সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সকলো তথ্য আৰু পূৰ্বৰ সকলো নথি পত্ৰ পৰীক্ষা কৰি শপত বাক্য পাঠ কৰাই ৰাজ্যপালগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কেন্দ্ৰই বিবৃতিত উল্লেখ কৰে ৷ এই শপতনামাৰ ভিত্তিতে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷

ৰাজ্যপাল গৰাকীয়ে উচ্চতম ন্যায়ালয়ত চলিত বছৰৰ 21 জানুৱাৰী তাৰিখে জনোৱা আবেদনৰ ভিত্তিতে আইনী প্ৰক্ৰিয়াৰে সকলো যাৱতীয় কাম কাজ কৰিব বুলি গৃহ মন্ত্ৰাণালয়ে সদৰী কৰিছে ৷ ৰাজ্যপাল বানোৱৰীলাল পুৰোহিতৰ তত্বাৱধানতে 3-4 দিনৰ ভিতৰত এ জি পেৰাৰিভালানক ক্ষমা প্ৰাৰ্থনা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি শপতনামাত উল্লেখ কৰিছে ৷ ইফালে তামিলনাডু চৰকাৰে 2018 চনৰ 9 ছেপ্তেম্বৰ তাৰিখতে আটাইকেইজন দোষীকে মুক্তিৰ দাবী উত্থাপন কৰি ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ পেৰাৰিভালনৰ উপৰিও,আন ছয়জন দোষী হৈছে নলিনী শ্ৰীহৰণ,তেওঁৰ স্বামী মুৰুগান,সন্থান,জয়কুমাৰ,ৰবিচন্দ্ৰন আৰু ৰবাৰ্ট পায়েছ।

লগতে পঢ়ক: বিলাসপুৰৰ পৰা নতুন দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ বিমান ঘোষণা হৰদীপ সিং পুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.