ETV Bharat / bharat

ক'ভিড-19 সন্দৰ্ভত প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ'ৰ প্ৰেছ বিজ্ঞপ্তি

author img

By

Published : Mar 24, 2020, 11:53 PM IST

প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ'ৰ প্ৰেছ বিজ্ঞপ্তি ৷ ক'ভিড-19 সন্দৰ্ভত এই বিজ্ঞপ্তি ৷

ক'ভিড-19 সন্দৰ্ভত বিজ্ঞপ্তি
প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ'ৰ প্ৰেছ বিজ্ঞপ্তি

নেশ্যনেল ডেস্ক, ২৪ মাৰ্চ : দেশত শেহতীয়াভাৱে ক'ভিড-19 য়ে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে মঙলবাৰে ভাৰত চৰকাৰৰ প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’ই এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে৷ উক্ত প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মহামাৰী ক'ভিড-19 ৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ বহুকেইটা পৰামৰ্শ আগবঢ়োৱা হৈছে৷ তেওঁলোকে আগবঢ়োৱা পৰামৰ্শকেইটা হ'ল-

1.ভাৰত চৰকাৰে দেশত ক’ভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে লকডাউনৰ আদেশ জাৰি কৰিছে৷ ক’ভিড-১৯ মহামাৰীয়ে বিভিন্ন দেশক আক্ৰান্ত কৰিছে আৰু বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক ‘মহামাৰী’ হিচাপে অভিহিত কৰিছে৷

2. ভাৰত চৰকাৰে আন্তৰ্জাতিক ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰাকে আৰম্ভ কৰি জনসাধাৰণৰ বাবে পৰামৰ্শৱলী প্ৰস্তুত, আছুতীয়া সুবিধাৰ ব্যৱস্থা, আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ চিনাক্তকৰণ আৰু বিভিন্ন সামাজিক দূৰত্ব পৰিমাপৰ বাবে বিভিন্ন সক্ৰিয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহলৈ বিভিন্ন পৰামৰ্শৱলী প্ৰদান কৰা হৈছে৷ চৰকাৰে অস্থায়ীভাৱে মেট্ৰ’, ৰে’লসেৱা লগতে ঘৰুৱা বিমান সেৱাও বাতিল কৰিছে৷

3. সমগ্ৰ পৰিস্থিতি মাননীয় প্ৰধানমন্ত্ৰীয়ে স্বয়ং নিৰীক্ষণ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে ভাইৰাছবিধৰ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকতো মিলিত হৈছে৷

4. বিশ্বৰ বিভিন্ন দেশৰ বিশ্বজনীন অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে এই মহামাৰী প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্বই উত্তম পন্থা বুলি পৰামৰ্শ প্ৰদান কৰিছে৷

5. ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহে গ্ৰহণ কৰা সঠিক নিৰ্দেশনাৰ পাচতো বিভিন্ন কাৰণত ইয়াৰ উদ্দেশ্য পূৰ্তিত বাধাৰ সন্মুখীন হোৱা দেখা হৈছে৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এনডিএমএ) দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ আইনৰ অনুচ্ছেদ ৬(২)(১)ৰ অধীনত ২৪.০৩.২০২০ তাৰিখে এক নিৰ্দেশ জাৰি কৰিছে আৰু এই নিৰ্দেশনা দেশত ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ প্ৰশাসনক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে৷

6. এনডিএমৰ সেই নিৰ্দেশৰ অনুপালনস্বৰূপে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে (এমএইচএ) দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অনুচ্ছেদ ১০(২০ (১)ৰ অধীনত ২৪.০৩.২০২০ তাৰিখে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ প্ৰশাসনক উদ্দেশ্যি দেশত দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ নিশ্চিতিৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনা ২৫.০৩.২০২০ তাৰিখৰ পৰা আগন্তুক ২১ দিনলৈ সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব৷

৭. ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনক এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ এই নিৰ্দেশনাৰ প্ৰণয়নৰ ব্যৱস্থাপনা গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে নিৰীক্ষণ কৰিব ৷

আৰু পঢ়ক : বন্ধ থাকিব বাংলাদেশ সীমান্ত, ভাৰতীয় ছাত্ৰই হোষ্টেলতে কটাব লাগিব সময় : বিভাগীয় কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.