ETV Bharat / bharat

ভাৰতীয় অৰ্থনীতিত কোভিড-19 ৰ প্ৰভাৱ : সাজু হ'বলৈ মন্ত্ৰীলৈ আহ্বান মোডীৰ

author img

By

Published : Apr 6, 2020, 10:36 PM IST

কেন্দ্ৰীয় মন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোডীৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ অৰ্থনীতি বাৰুকৈ প্ৰভাৱ পেলোৱা কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে সাজু হ'বলৈ আহ্বান মন্ত্ৰীসকলক ৷

কেন্দ্ৰীয় মন্ত্ৰীৰে গুৰুত্বপূৰ্ণ বৈঠক
প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক, 6 এপ্ৰিল : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক নিজ নিজ বিভাগৰ মন্ত্ৰীসকলৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে ৷ কোভিড-19 ৰ ফলত ভাৰতৰ অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰা আৰম্ভ হোৱাৰ বাবে মন্ত্ৰীসকলক যুদ্ধংদেহী মনোভাৱেৰে সাজু হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰী গৰাকীৰ ৷

এই সংকটৰ ফলত 'মেক ইন ইণ্ডিয়া' পদক্ষেপৰ শ্ৰীবৃদ্ধিৰ সুযোগ বৃদ্ধি পোৱাৰ লগতে অন্য দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব বুলিও মন্তব্য় কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মোডীয়ে ভাৰতীয় অৰ্থনীতি সম্পৰ্কত বাৰ্তালাপ কৰে ৷ তেওঁ কয় যে, 21 দিনীয়া লকডাউন অন্ত পৰাৰ লগে লগে প্ৰতিটো মন্ত্ৰণালয়ে 10 টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত চিনাক্ত কৰি উলিওৱাৰ লগতে 10 টা প্ৰাথমিক বিষয় বাছি উলিয়াব লাগিব ৷

এক চৰকাৰী সূত্ৰ অনুসৰি, প্ৰতিটো মন্ত্ৰণালয়ে এখনকৈ ব্যৱসায়ৰ আঁচনি প্ৰস্তুত কৰি উলিওৱাৰ লগতে যুদ্ধংদেহী মনোভাৱেৰে কোভিড-19 ৰ পাচৰ অৱস্থাত যুঁজিবলৈ সাজু থাকিব লাগিব ৷

কৃষক আৰু শস্যৰ উৎপাদন সম্পৰ্কত মোডীয়ে কয় যে, মন্ত্ৰীসকলে কৃষকসকলৰ সেৱাৰ্থে অভিনৱ উপায় চিন্তা কৰা উচিত ৷

ইয়াৰোপৰি, লকডাউন আৰু সামাজিক দূৰত্বও সঠিকভাৱে পালন কৰি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

তেওঁ লগতে কয় যে, কেন্দ্ৰীয় মন্ত্ৰীসকলে ৰাজ্য আৰু জিলাসমূহৰ প্ৰশাসনৰ সৈতে সঘনে বাৰ্তালাপ কৰা উচিত আৰু প্ৰয়োজনীয় সমাধান প্ৰদান কৰা উচিত ৷

ইয়াৰোপৰি, কোভিড-19 প্ৰতিৰোধ কৰিবৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কত মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী গৰাকীক তথ্য প্ৰদান কৰে ৷

উল্লেখ্য যে, ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কেবিনেট মন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠিত কৰা এয়াই ভাৰতীয় ইতিহাসৰ প্ৰথমখন বৈঠক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.