নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : তিব্বতীয় লোকৰ দ্বাৰা 'জীৱিত দেৱতা' হিচাপে স্বীকৃত আৰু পশ্চিমত 'ভগৱান' হিচাপে গণ্য কৰা দালাই লামাই কয় যে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে প্ৰাৰ্থনাই পৰ্যাপ্ত নহয় ৷ লগতে আধ্যাত্মিক গুৰুজনে কয় যে,আক্ৰান্তসকলৰ বাবে সহায়ৰ হাত আগবঢ়োৱা অতিকৈ প্ৰয়োজনীয় ৷
-
'Prayer Is Not Enough.' The Dalai Lama on Why We Need to Fight Coronavirus With Compassion published by Time Magazine on April 14, 2020. https://t.co/pho9gPcqGX
— Dalai Lama (@DalaiLama) April 15, 2020 " class="align-text-top noRightClick twitterSection" data="
">'Prayer Is Not Enough.' The Dalai Lama on Why We Need to Fight Coronavirus With Compassion published by Time Magazine on April 14, 2020. https://t.co/pho9gPcqGX
— Dalai Lama (@DalaiLama) April 15, 2020'Prayer Is Not Enough.' The Dalai Lama on Why We Need to Fight Coronavirus With Compassion published by Time Magazine on April 14, 2020. https://t.co/pho9gPcqGX
— Dalai Lama (@DalaiLama) April 15, 2020
শান্তিৰ নোবেল বঁটা বিজয়ী আধ্য়াত্মিক গুৰুজনে বুধবাৰে তেওঁৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে কয়,ৃ "এই মহামাৰী এক সাৱধানবাণী ৷ এই সাৱধানবাণী সমম্বিত আৰু বিশ্বজোৰা দায়িত্ব হিচাপে গ্ৰহণ কৰিলেহে মষিমূৰ কৰিব পাৰিম ৷"
ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰাৰ বাবে জনাজাত ধৰ্মগুৰুজনে লগতে কয়,"কেতিয়াবা মোৰ বন্ধুসকলে যাদুকৰী শক্তি প্ৰয়োগ কৰি পৃথিৱীখনৰ সমস্যাসমূহ দূৰ কৰিবলৈ অনুৰোধ কৰে ৷ মই সদায় তেওঁলোকক কওঁ যে, দালাই লামাৰ কোনো যাদুকৰী শক্তি নাই ৷ মোৰ হাতত এনে শক্তি থকা হ'লে মই ভৰি অথবা ডিঙিত বিষ অনুভৱ নকৰিলোহেতেন ৷ অন্য মানুহৰ দৰেই আমিও সাধাৰণ লোক,আৰু আমি একে ভয় অনুভৱ কৰো,আশা কৰো আৰু অনিশ্চয়তাত দিন কটাও ৷"
"বৌদ্ধিক দৰ্শনৰ পৰা এই কথা ক'ব পাৰি যে,প্ৰতিজন সংবেদনশীল মানুহে একে দুখ-কষ্ট,ৰোগ,বাৰ্ধক্য অনুভৱ কৰে আৰু এদিন মৃত্যু লাভ কৰে ৷ কিন্তু,মানুহ হিচাপে আমি খং,শংকা আৰু লোভক জয় কৰিবলৈ আমাৰ মগজু ব্যৱহাৰ কৰা উচিত ৷"
য়ুহানত কৰ'ণা ভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ পৰাই মই চীনা ভাই-ভনী আৰু অন্যান্য অঞ্চলৰ লোকৰ বাবে প্ৰাৰ্থনা আগবঢ়াই আহিছো ৷ বৰ্তমান আমি দেখিছো যে,এই ৰোগত কোনো লোক আক্ৰান্ত নোহোৱাকৈ থাকিব নোৱাৰে ৷ আমি নিজৰ আপোন মানুহ আৰু ভৱিষ্যতক লৈ চিন্তিত,ইয়াৰোপৰি বিশ্বৰ অৰ্থনীতিক লৈও চিন্তিত ৷ কিন্তু, প্ৰাৰ্থনাই পৰ্যাপ্ত নহয়" - দালাই লামাই কয় ৷
"এই সংকটে আমাক শিক্ষা দিছে যে,আমি দায়িত্বশীল হোৱা উচিত ৷ চিকিৎসক আৰু নাৰ্ছসকলে দেখুওৱা সাহস আমিও দেখুৱাব লাগিব ৷ ইয়াৰ জৰিয়তে আমি বৰ্তমানৰ পৰিস্থিতিৰ অন্ত পেলাবলৈ সক্ষম হোৱাৰ লগতে এনেধৰণৰ ভাবুকিৰ পৰা ভৱিষ্যতে পৃথিৱীখনক ৰক্ষা কৰিবলৈ সক্ষম হম ৷"
"এই ভয়াৱহ সময়ছোৱাত সমগ্ৰ বিশ্বৰ দীৰ্ঘকালীন প্ৰত্যাহ্বান আৰু সম্ভাৱনা সম্পৰ্কত আমি এতিয়াই চিন্তা কৰাটো অতি প্ৰয়োজনীয় ৷ মহাকাশৰ পৰা লোৱা আলোকচিত্ৰত এইটো সুস্পষ্ট যে,আমাৰ এই নীলা গ্ৰহটোৰ কোনো সীমা নাই ৷"
"সেয়েহে আমি সকলোৱে মিলি ইয়াৰ যত্ন লোৱা উচিত আৰু বতৰ পৰিৱৰ্তন আৰু অন্যান্য ধংসকাৰী শক্তিক ৰোধ কৰা উচিত ৷"
"আমি সকলোৱে মনত ৰখা উচিত যে, ইয়াৰ ফলত যিকোনো লোক আক্ৰান্ত হ'ব পাৰে ,সেয়েহে আশ্ৰয়স্থলৰ অভাৱত ভোগা লোক,সম্পদ আৰু পৰিয়ালক সুৰক্ষিত কৰি ৰাখিবলৈ আগবাঢ়ি অহা উচিত ৷ এই সংকটে প্ৰমাণ কৰিছে যে,আমি পৃথকে পৃথকে বাস কৰিলেও কোনো এজনে আনজনৰ পৰা পৃথক নহয় ৷ সেয়েহে সহানুভূতিশীলতা আৰু সহায় আগবঢ়াবলৈ শিকাটো আমাৰ দায়িত্ব ৷"
"মই আশা কৰো যে, সকলোৱে সুৰক্ষিত আৰু শান্ত হৈ থাকক ৷ এই অনিশ্চয়তাৰ সময়ত আমি আশাহত নোহোৱাৰ লগতে গঠনমূলক কামৰ বাবে আত্মবিশ্বাস যুগুতোৱা উচিত ৷"
লগতে চাওকঃ লক ডাউনৰ দ্বিতীয় পৰ্যায়ঃ অনুমতি আৰু নিষেধাজ্ঞাৰ তালিকা