ETV Bharat / bharat

উন্নত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা - সেনা গৱেষণা আৰু ৰেফাৰেল হাস্পতাল

84 বৰ্ষীয় প্ৰণৱ মুখাৰ্জীৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল ৷ যাৰ পাছতেই যোৱা সোমবাৰে তেখেতৰ মগজুৰ অস্ত্ৰোপচাৰৰ পাছত তেখেতক দিল্লীৰ সেনা গৱেষণা আৰু ৰেফাৰেল হাস্পতালত ভেন্টিলেটৰত ৰখা হৈছিল ৷

Pranab Mukherjee is stable, positive signs of improvement noticed, says his son
উন্নত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা
author img

By

Published : Aug 19, 2020, 2:04 PM IST

দিল্লী, 19 আগষ্ট : ক্ৰমাৎ উন্নত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা ৷ যদিও তেওঁক এতিয়াও ভেন্টিলেটৰত ৰখা হৈছে ৷ তেখেতৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে টুইট কৰি এই কথা সদৰি কৰে ৷ টুইটত অভিজিৎ মুখাৰ্জীয়ে কয় যে, তেখেতৰ পিতৃৰ চিকিৎসাই প্ৰভাৱ কৰিছে আৰু তেখেতৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ বহুত উন্নত হৈছে ৷

উল্লেখ্য যে, 84 বৰ্ষীয় প্ৰণৱ মুখাৰ্জীৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল ৷ যাৰ পাছতেই যোৱা সোমবাৰে তেখেতৰ মগজুৰ অস্ত্ৰোপচাৰৰ পাছত তেখেতক দিল্লীৰ সেনা গৱেষণা আৰু ৰেফাৰেল হাস্পতালত ভেন্টিলেটৰত ৰখা হৈছিল ৷ তেখেত পূৰ্বৰে পৰা কেইবাটাও বেমাৰত আক্ৰান্ত হৈ আছে ৷ তেখেতৰ স্বাস্থ্যৰ স্থিতিৰ ওপৰত বিশেষজ্ঞ সকলৰ দ্বাৰা তীক্ষ্ন দৃষ্টি ৰখা হৈছে ৷

লগতে পঢ়ক : নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে নৌ সেনাৰ কমাণ্ডাৰসকলৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.