নিউজ ডেস্ক, 8 মে': কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশ ব্যাপী জাৰি কৰা লক ডাউনে ব্যৱসায়িক খণ্ডত বিস্তৰ ক্ষতি কৰিছে । ব্য়তিক্ৰম হোৱা নাই শক্তি তাঁত উদ্যোগো । প্ৰায় 40 দিন ধৰি বন্ধ হৈ আছিল এই উদ্যোগ । ইয়াৰ পাচত তৃতীয় পৰ্যায়ৰ লক ডাউনত প্ৰদান কৰা শিথিলতাৰ বাবে পুণৰ আৰম্ভ হৈছিল এই উদ্যোগ । কিন্তু কেচামালৰ অভাৱত মাত্ৰ 50 শতাংশ কাৰ্যক্ষম হৈছে এই উদ্য়োগ । আনহাতে খুব কম দিনৰ ভিতৰতে বন্ধ হৈ পৰিব উদ্যোগটো ।
বিশেষকৈ এই উদ্যোগ পোৱা যায় দক্ষিণ ভাৰতৰ কুইম্বাটোৰৰ ছোমানুৰ আৰু কাৰুমাট্টাতি অঞ্চলত । এই ঠাইৰ লোক সকলৰ মূখ্য জীৱিকা শক্তি তাঁত উদ্যোগ । সেয়ে এই উদ্যোগ পুনৰ বন্ধ ৰাখিব লাগিলে বিপদত পৰিব লোকসকল ।
আনহাতে উদ্যোগসমূহৰ মালিকে এই মাহত বিদ্যুৎ মাছুল দিয়াৰ সময় বৃদ্ধি কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে ।
আনহাতে বহু কৰ্মীও নিজ নিজ জিলালৈ উভতি গৈছে । সেয়ে উদ্যোগটোৰ ক্ষেত্ৰত জটিলতা আহি পৰিছে ।