নিউজ ডেস্ক, 14 নৱেম্বৰ : শীতকালত বন্ধ থাকিব গংগোত্ৰীৰ দুৱাৰ ৷ মন্দিৰ কৰ্তৃপক্ষই জনাইছে এই কথা ৷ সেই অনুসৰি উত্তৰাখণ্ডস্থিত চাৰধামৰ অন্যতম গংগোত্ৰীৰ দুৱাৰ অহা 15 নৱেম্বৰৰ পৰা বন্ধ থাকিব ৷ শীতৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷ আনহাতে অহা বৰ্ষৰ এপ্ৰিল মাহত মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে ৷
আনহাতে দিপাৱলী উপলক্ষে মন্দিৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত চাপাই অভিযান চলায় ভাৰত তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে ৷ বিগত দুদিন পূৰ্বেই মন্দিৰৰ লগতে ইয়াৰ চৌপাশৰ পৰিৱেশ চাফা কৰে বাহিনীটোৰ একাংশ জোৱান আৰু বিষয়াই ৷ আইটিবিপিৰ 35 ক'ৰৰ কামাণ্ডেণ্ট অশোক সিং ৱিষ্ট আৰু ডেপুটি কামাণ্ডেন্ট অৰবিন্দ দাংৱাল এই কাৰ্যসূচীত উপস্থিত আছিল ৷
লগতে পঢ়ক : বৈজয়ন্ত পাণ্ডাক অসমত বিজেপিৰ নতুন প্ৰভাৰী নিযুক্তিঃ দিলীপ শইকীয়াক দুখন ৰাজ্যৰ দায়িত্ব