ETV Bharat / bharat

বিশ্ব পৰিৱেশ দিৱস: ৰাজস্থানৰ প্ৰদূষণকাৰী উদ্যোগসমূহৰ ফলত শংকা বৃদ্ধি

ৰাজস্থানৰ ভীলৱাড়া জিলাৰ ৪৫০ টা ঔদ্যোগিক গোটে এতিয়াও বায়ু প্ৰদূষণৰ বিৰুদ্ধে সজাগতা অৱলম্বন কৰা নাই । ৰাজস্থান চৰকাৰে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ঔদ্যোগিক সংস্থাসমূহে মানি লোৱা নাই এই ব্যৱস্থা ।

author img

By

Published : Jun 5, 2020, 3:13 PM IST

ৰাজস্থানৰ প্ৰদূষণকাৰী উদ্যোগসমূহৰ ফলত শংকা বৃদ্ধি

নেশ্যনেল ডেস্ক, ৫ জুন: ৰাজস্থানৰ ভীলৱাড়া জিলাৰ ৪৫০ টা ঔদ্যোগিক সংস্থা আৰু হস্তশিল্প উদ্যোগে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত সম্প্ৰতি এক অতি বিপজ্জনক ভূমিকা পালন কৰি আছে,যিয়ে চহৰসমূহত বিশুদ্ধ বায়ুৰ গুণাগুণ হ্ৰাস কৰি বিকাশত ব্যাপক প্ৰভাৱ পেলাইছে বুলি এক সূত্ৰই জানিবলৈ দিয়ে ।

পৰিৱেশ বিজ্ঞানী এগৰাকীয়ে জনোৱা মতে,ভীলৱাড়াৰ ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সুৰক্ষাৰ মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰা নাই । ইফালে কেৱল বিশ্ব পৰিৱেশ দিৱসৰ দিনাইহে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জনসাধাৰণক বায়ু প্ৰদূষণ ৰোধৰ বিষয়ে সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰে ।

ভীলৱাড়া টেক্সটাইল ট্ৰেড ফেডাৰেশ্যনৰ মুখ্য সচিব প্ৰেম স্বৰূপ গাৰ্গে কয় যে,বায়ু প্ৰদূষণৰ বিৰুদ্ধে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে যদিও উদ্যোগসমূহে এই নিয়মসমূহ মুঠেও পালন কৰা নাই । সকলো উদ্যোগপতিয়ে এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা উচিত । উদ্যোগ-কাৰখানাসমূহত ব্যৱহৃত ছালফাৰ ডাই অক্সাইড,নাইট্ৰিক অক্সাইড আদি বিষাক্ত গেছসমূহ বায়ুৰ সৈতে মিহলি হৈ বায়ু প্ৰদূষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে,যাৰ ফলস্বৰূপে কাৰখানাসমূহৰ ওচৰে-পাজৰে বাস কৰা মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলিও তেওঁ শংকা প্ৰকাশ কৰে ।

বায়ু প্ৰদূষণ ৰোধৰ উপায় সম্পৰ্কে তেওঁ সদৰী কৰে যে,বায়ু প্ৰদূষণৰ মাত্ৰা তেতিয়াহে হ্ৰাস পাব যেতিয়া বিশ্বজুৰি বৃক্ষৰোপণ কাৰ্যসূচী প্ৰয়োগ কৰা হ'ব ।

লগতে পঢ়ক:বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাইজক উদ্দেশ্যি কি ক'লে যাদৱ পায়েঙে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.