নিউজ ডেস্ক, 28 ডিচেম্বৰ : পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত হোৱা সম্পদ ভিতৰত এবিধ হ’ল পানী ৷ মানুহৰ কাৰ্যকলাপৰ বাবে মাটিৰ তলৰ পানী, হ্ৰদ, পুখুৰী, নদী আদিৰ পানী যথেষ্ট প্ৰদূষিত হৈ পৰিছে ৷ ইতিমধ্য 60 শতাংশ পানী দূষিত হৈ পৰিছে ৷ যদি পৰৱৰ্তী সময়ত ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰা নহয় তেন্তে 2050 চনৰ ভিতৰত বিশ্ববাসীয়ে পৰিস্কাৰ পানীৰ অভাৱত ভূগিব বুলি এক সমীক্ষাত প্ৰকাশ পাইছে ৷
কেইবাগৰাকীয়ো বিশেষজ্ঞই কৈছে যে, শেহতীয়াকৈ ইলুৰুত পোহৰলৈ অহা ৰহস্যজনক ৰোগৰ মূল কাৰণ হ’ল পানী প্ৰদূষণ ৷ এই পানীৰ নমুনা পৰীক্ষাত তাত অৰ্গেন’ক্ল’ৰিণ কীটনাশক, মাৰ্কুৰি, নিকেল আদি বিভিন্ন বিষাক্ত পদৰ্থৰ উপস্থিতি ধৰা পেলাইছে বিজ্ঞানীয়ে ৷ 2013 চনত Ocean Index Health দলে বিশ্বৰ মহাসাগৰসমূহৰ বৈশ্বিক পৰ্যায়ৰ বিষয়ে জানিবলৈ 171খন দেশত এক সমীক্ষা চলাইছিল ৷ এই তালিকাত শীৰ্ষত আছিল ৰাছিয়া ৷ ইয়াৰ বিপৰীতে ভাৰতৰ স্থান আছিল 162 ৷ আধুনিকীকৰণ, ঔদ্যোগিকৰণ, উদ্যোগৰ বৰ্জিত পদাৰ্থ আদি ভাৰতত পানী প্ৰদূষণৰ অন্যতম কাৰণ ৷
কিছুবছৰ আগলৈকে খেতিপথাৰৰ মাজৰ খালসমূহত মৃত মাছ পোৱাটো এক সাধাৰণ ঘটনা হৈ পৰিছিল ৷ ইয়াৰ মুখ্য কাৰণ আছিল খেতিপথাৰসমূত ব্যৱহাৰ কৰা কীটনাশক যিয়ে সামগ্ৰিক পৰিৱেশটো বিনষ্ট কৰি পেলাইছিল ৷ শামুক, জোক, সাঁপ আদি দ্ৰুত গতিত নোহোৱা হ’বলৈ ধৰিছে ৷ ভাৰতৰ বেছিভাগ নৈয়েই বিষাক্ত অৱশিষ্টৰে পূৰ্ণ ৷ যেতিয়া আমি এই দূষিত পানীসমূহ খেতিপথাৰত ব্যৱহাৰ কৰো তেতিয়া ই খাদ্য শৃংখলৰ এক অংশ হৈ পৰে ৷
পানীৰ পৰা বিষাক্ত পদাৰ্থসমূহ শোষণ কৰি ইয়াক পুনৰ মাটিলৈ ঘূৰাই দিয়াৰ ক্ষেত্ৰত পৃথিৱীৰ নিজস্ব প্ৰযুক্তি আছে ৷ কিন্তু ক্ৰমান্বয়ে বোকাৰ নৰ্দমা আৰু নলাসমূহ নাইকীয়া হোৱাৰ ফলত বিষাক্ত অৱশিষ্টযুক্ত তথা উদ্যোগৰ পানীসমূহ পোনপটীয়াকৈ নদীলৈ যায় ৷ ভাৰতত প্ৰতিদিনত গড়ে 135ৰ পৰা 150 লিটাৰ পানী গ্ৰহণ কৰা হয় ৷
ভাৰতীয় কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি ভাৰতে প্ৰতিদিনে 26,000 টন প্লাষ্টিকজাত সামগ্ৰী ব্যৱহাৰ কৰে আৰু ইয়াৰ কেৱল 7,800 টন হে পুনৰ ব্যৱহাৰ কৰা হয় ৷ বাকী থকা 18,200 টন সামগ্ৰী নদ,নদী আৰু সাগৰত পেলাই দিয়া হয় ৷ এই সামগ্ৰীসমূহে চাৰিওকাষৰ ভূমিত বিষাক্ত পদাৰ্থ মুকলি কৰে আৰু এই পদাৰ্থসমূহ মাটিৰ তলৰ পানীৰ ওপৰতো প্ৰভাৱ পেলায় যি অদূৰ ভৱিষ্যতে পৰিস্থিতি তন্ত্ৰৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব ৷
উল্লেখ্য যে, ভাৰতত পানী প্ৰদূষণ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ আইনখন 1974 চনৰ পৰা কাৰ্যকৰী কৰা হয় ৷ ইয়াৰ উপৰিও পৰিৱেশ সুৰক্ষা আইন 1986, বিষাক্ত বৰ্জিত পদাৰ্থ আইন 1989, নিৰ্মান, সংৰক্ষণ আৰু বিষাক্ত ৰসায়নৰ আমদানিৰ নিয়ম 1989, বনাঞ্চল সংৰক্ষণ আইন 1970, বন্যপ্ৰাণী সুৰক্ষা আইন 1972 আৰু জৈৱ বৈচিত্ৰ আইন 2002 এ পানী প্ৰদূষণ ৰোধ সন্দৰ্ভত নিৰ্দিষ্ট কিছুমান নিৰ্দেশনা বান্ধি দিয়ে ৷
সমগ্ৰ বিশ্বতে লাখ লাখ লোকে এতিয়াও দূষিত পানী সেৱন কৰে ৷ এই দূষিত পানী সেৱনৰ ফলতেই প্ৰতিবছৰে কলেৰা, টাইফয়ড, ডিচেন্ট্ৰি আদি ৰোগত লাখ লাখ লোকে মৃত্যুবৰণ কৰে ৷ এইসমূহ ক্ষেত্ৰতে পানী সংৰক্ষণ সন্দৰ্ভত সকলো লোককে সজাগ কৰা আৰু নিজৰ দায়িত্ব সন্দৰ্ভত অৱগত কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ উপৰিও বিভিন্ন সজাগতা অভিযান চলাব লাগিব ৷