মুম্বাই,17 জানুৱাৰীঃ মুম্বাইৰ এখন তিনি তাৰকাযুক্ত হোটেলত দীৰ্ঘদিনৰ পৰা চলি থকা যৌন ব্যৱসায়ী এটা চক্ৰ উৎখাত কৰে আৰক্ষীয়ে ৷ আন্ধেৰীৰ নিকটৱৰ্তী এক হোটেলৰ পৰা উৎখাত কৰা দলটোত আছিল এগৰাকী 29 বছৰীয়া মহিলাকে ধৰি তিনিগৰাকী অভিনেত্ৰী ৷ ইয়াৰে এগৰাকী নাবালিকা বুলি বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে ৷ মুম্বাই মহানগৰ আৰক্ষীৰ সামাজিক সেৱা শাখাই আন্ধেৰীস্থিত হোটেলখনত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে অতৰ্কিতে অভিযান চলাইছিল ৷ আৰক্ষীয়ে অভিযানৰ সময়ত তিনি অভিনেত্ৰীক কৰায়ত্ত কৰাত বলপূৰ্বকভাৱে অভিনেত্ৰী কেইগৰাকীক যৌন ব্যৱসায়ত লিপ্ত কৰোৱা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৷ লগতে যৌন কেলেংকাৰীৰ মুখ্য নায়িকা প্ৰিয়া শৰ্মা বুলি উল্লেখ কৰে ৷
উল্লেখ্য যে,প্ৰিয়া শৰ্মা নামৰ মহিলাগৰাকীয়ে কান্দিৱালী এলেকাত দীৰ্ঘদিনৰ পৰা এটা ট্ৰেভেল এজেন্সী চলাই আহিছিল ৷ ইয়াৰোপৰি আৰক্ষীৰ চকুত ধূলি দি উক্ত যৌন ব্যৱসায়টো চলাইছিল বুলি জ্যেষ্ঠ আৰক্ষী বিষয়া সন্দেশ ৰিভালে প্ৰকাশ কৰে ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা এগৰাকী অভিনেত্ৰী দুৰদৰ্শনত সম্প্ৰচাৰিত সাবধান ইণ্ডিয়াত অভিনয় কৰাৰ বিপৰীতে আনগৰাকীয়ে মাৰাঠী চলচিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে ৷
আনহাতে,নাবালিকা গৰাকীয়ে ৱেব চিৰিজ এটাত কাম কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে প্ৰিয়া শৰ্মা নামৰ মহিলাগৰাকীৰ নামত এটা গোচৰ পঞ্জীয়ন কৰিছে ৷
লগতে চাওকঃশিল্পী দিৱসত জুবিন গাৰ্গৰ হুংকাৰ: ৰাজপাট নিদিয়ে বিজেপিক