ETV Bharat / bharat

জনসাধাৰণৰ সুবিধাৰ্থে এখন গাড়ীক এম্বুলেঞ্চলৈ পৰিৱৰ্তন আৰক্ষী বিষয়াৰ - কৰ্ণাটক

লিংগাদিধালী গাঁৱৰ সুবিধাৰ্থে এখন গাড়ীক এম্বুলেঞ্চলৈ পৰিৱৰ্তন এজন আৰক্ষী উপ পৰিদৰ্শকৰ । কৰ'ণা ভাইৰাছৰ মহামাৰী সময়ত বহু লোক যোগাযোগৰ অভাৱত হাস্পতাললৈ যাবলৈ অসমৰ্থ হোৱাত উপ পৰিদৰ্শগৰাকীৰ এই পদক্ষেপ ।

Police official turned a car into Ambulance in Chikkamagaluru

author img

By

Published : Apr 25, 2020, 9:15 AM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ দেশত অব্যাহত থকা কৰ'ণা ভাইৰাছ মহামাৰী, লক ডাউনৰ সংকটৰ সময়ত প্ৰত্যেকেই যেনেকৈ পাৰিছে তেনেকৈ বহু লোকক সহায় কৰাৰ উদ্দশ্যে আগবাঢ়ি আহিছে । শেহতীয়াকৈ তেনে এক ঘটনা পোহৰলৈ আহিছে কৰ্ণাটকৰ পৰা । খাকী পোছাকেৰে নহয় এইবাৰ ব্যতিক্ৰমী ৰূপত সহায় এজন আৰক্ষী উপ-পৰিদৰ্শকৰ ।

চিক্কামাগালুৰু জিলাৰ লিংগাদিধালী গাঁৱৰ উপ পৰিদৰ্শক ৰাফিকক এখন গাড়ী দান কৰিছিল গাঁওখনেৰেই ৰুদ্ৰছ নামৰ এজন লোকে । কিন্তু গাওঁখনত এম্বুলেঞ্চৰ অভাৱৰ বাবেই বহু লোক জৰুৰী অৱস্থাত চিকিৎসালৈ যাবলৈ অসমৰ্থ । এই অসুবিধাৰ কথা ভাবিয়ে অৱশেষত দানত লাভ কৰা বাহনখনেই এম্বুলেঞ্চলৈ পৰিৱৰ্তন কৰে আৰক্ষী উপ পৰিদৰ্শকগৰাকীয়ে । কৰ'ণা ভাইৰাছৰ সংকটৰ সময়ত গাওঁবাসীৰ সুবিধাৰ্থে এই পদক্ষেপ হাতত লয় আৰক্ষী বিষয়াগৰাকীয়ে ।

জনসাধাৰণৰ সুবিধাৰ্থে এখন গাড়ীক এম্বুলেঞ্চলৈ পৰিৱৰ্তন আৰক্ষী বিষয়াৰ

প্ৰায় ৩০ হাজাৰৰ জনসংখ্যা থকা এই গাঁৱখনৰ লোক ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে । গাঁওৱাসীৰ সহায়ৰ বাবে এম্বুলেঞ্চখন ২৪ ঘণ্টাই আৰক্ষী থানাত উপলব্ধ থাকিব । এই এম্বুলেঞ্চখনৰ শুভ উদ্বোধন কৰে ড০ ঐশ্বৰ্যই । উপ পৰিদৰ্শক গৰাকীৰ এনে মহানুভৱতাৰো শলাগ লয় চিকিৎগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.