ETV Bharat / bharat

মধ্যপ্ৰদেশত ৪০০ গৰাকী প্ৰৱাসী শ্ৰমিকৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ - Madhya pradesh

আৰক্ষী অধীক্ষক, উপ-বিভাগীয় দণ্ডাধীশকে ধৰি আৰক্ষী কৰ্মীৰ ওপৰত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত ৪০০ গৰাকী অচিনাক্ত লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল মধ্যপ্ৰদেশ আৰক্ষীৰ ।

Police FIR files against 400 hundred migrant workers

author img

By

Published : May 5, 2020, 2:17 PM IST

মধ্যপ্ৰদেশ, ৫ মে': মধ্যপ্ৰদেশৰ বাৰৱাণী জিলাৰ বিজাচন এলেকাত উত্তেজনাময় পৰিৱেশৰ পাচতেই মধ্যপ্ৰদেশ আৰক্ষীয়ে ৪০০ গৰাকী প্ৰৱাসী শ্ৰমিকৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ ।

বিজাচন এলেকাৰ আগ্ৰা-বোম্বে ৰোডত প্ৰায় ৭০০০ হাজাৰ প্ৰৱাসী শ্ৰমিকক বাধা প্ৰদান কৰিছিল মধ্যপ্ৰদেশ আৰক্ষীয়ে । কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখিয়ে বাৰৱাণী জিলাখনক ৰেড জ'ন হিচাপে ঘোষণা কৰা হৈছে । কিন্তু ইয়াৰ মাজতো হাজাৰ-হাজাৰ প্ৰৱাসী শ্ৰমিক ওলায় অহাত দেওবাৰে বাধা প্ৰদানৰ চেষ্টা চলায় আৰক্ষীয়ে । তাৰ পাচতেই সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । শ্ৰমিকসকলৰ তৰফৰ পৰা আৰক্ষীলৈ নিক্ষেপ কৰা হয় শিলগুটি । য'ত অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-বিভাগীয় দণ্ডাধীশ সহ তিনিগৰাকী আৰক্ষী কৰ্মী আহত হয় ।

প্ৰৱাসী শ্ৰমিক সকলক মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ সীমান্তত আৱদ্ধ কৰি ৰখাক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । শ্ৰমিক সকলৰ দাবী আছিল যে, মধ্যপ্ৰদেশ হৈ উত্তৰ-প্ৰদেশ, বিহাৰ, ৰাজস্থান, ওড়িশালৈ যাব দিয়া হওক শ্ৰমিক সকলক ।

যোৱা দুটা দিন ধৰি এই প্ৰৱাসী শ্ৰমিক সকলে বাৰৱাণী জিলা প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছিল যাবলৈ অনুমতি দিয়াক লৈ । ফলত আগৰা-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত যান-জটৰো সৃষ্টি হৈছিল । শ্ৰমিকৰ প্ৰতিবাদৰ পাচতেই তেওঁলোকক মাতি পঠিওৱা হৈছিল ।

শ্ৰমিক সকলক খাদ্য আৰু কামৰ বাবে মহাৰাষ্ট্ৰ ত্যাগ কৰাৰ বাবে বাধ্য কৰোৱা হৈছিল । যাৰ বাবে বাৰৱাণীতে শিৱিৰ পাতি আছিল শ্ৰমিক সকল । মধ্য়প্ৰদেশ আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিবলগীয়া হৈছিল কাৰণ উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে মুম্বাই-আগ্ৰা ৰোডৰ অন্য ফালে ছীল কৰিছে সীমান্ত ।

এই সন্দৰ্ভত বাৰৱাণীৰ কলেক্টৰ অমিত টৌমাৰে কয়, উত্তৰ প্ৰদেশ প্ৰশাসন-বিষয়াৰ সৈতে এই বিষয়ে কিছু সমাধান উলিওৱাৰ বাবে যোগাযোগ স্থাপন কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.