নিউজ ডেস্ক, ২১ মে': বৃহস্পতিবাৰে সন্ত্ৰাসবাদী সংগঠন 'লস্কৰ-ই-টাইবা' ৰ তিনি জন সদস্যক গ্ৰেপ্তাৰ কৰে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ।
ভাৰতীয় সেনাৰ ২৮ নং বেটেলিয়নৰ সহায়ত আৰক্ষীৰ এটা দলে উত্তৰ কাশ্মীৰৰ কুপৱাড়া ক্ষেত্ৰত চলোৱা এক তালাচী অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সন্ত্ৰাসবাদী তিনিটাক ।
উল্লেখ্য যে, গ্ৰেপ্তাৰ কৰা তিনিওটা সন্ত্ৰাসবাদীয়ে বিগত কিছুমাহ পূৰ্বে সন্ত্ৰাসবাদী সংগঠন 'লস্কৰ-ই-টাইবা'ত অন্তৰ্ভুক্ত হৈছিল ।