ETV Bharat / bharat

পিএমচি বেংক কেলেংকাৰী: অভিযুক্তক হাজিৰ কৰোৱাৰ নিৰ্দেশ আদালতৰ - 4,355 crore PMC bank scam

পিএমচি বেংকৰ বিত্তীয় কেলেংকাৰীৰ প্ৰসংগ,মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন হিচাপ পৰীক্ষকক,আৰক্ষীয়ে 4,355 কোটি টকাৰ কেলেংকাৰীৰ কথা ধৰা পেলায়,ছেপ্তেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে ছমাহৰ বাবে পিএমচি ৰ সকলো লেনদেন বন্ধ কৰি দিছিল

পিএমচি বেংক কেলেংকাৰী: অভিযুক্তক হাজিৰ কৰাবলৈ নিৰ্দেশ আদালতৰ
author img

By

Published : Nov 12, 2019, 1:49 PM IST

মুম্বাই, 12 নৱেম্বৰ: পিএমচি বেংকৰ বিত্তীয় কেলেংকাৰীৰ প্ৰসংগ ৷ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন হিচাপ পৰীক্ষকক ৷ স্থানীয় আদালতে গ্ৰেপ্তাৰ কৰা লোক দুজনক মঙলবাৰে আদালতত হাজিৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে ৷ আদালতৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে লোক দুজনক হাজিৰ কৰায় ৷ উল্লেখ্য যে,পঞ্জাৱ আৰু মহাৰাষ্ট্ৰ কো-অপাৰেটিভ বেংক (পিএমচি)ত এই কেলেংকাৰী সংঘটিত হৈছিল ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে,জয়েশ সংহানী আৰু কেতন লক্ড়াৱালা ৷ অভিযানৰ অন্তত আৰক্ষীয়ে 4,355 কোটি টকাৰ কেলেংকাৰীৰ কথা ধৰা পেলায় ৷ বেংকটোৱে ফাৰ্ম এখনৰ নিয়মীয়া হিচাপ পৰীক্ষা কৰাৰ সময়তে এই কথা পোহৰলৈ আহে ৷
স্মৰ্তব্য যে,বিগত ছেপ্তেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে ছমাহৰ বাবে পিএমচিৰ সকলো লেনদেন বন্ধ কৰি দিছিল ৷ তদুপৰি ঋণ দিয়া-আদায় কৰা, বিনিয়োগ কৰা,বিত্তীয় লেনদেন আদিৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছিল ৷ বেংকটোৰ বিষয়ববীয়াৰে গৃহ উন্নয়ন আৰু আন্তঃগাঁথনি বিভাগৰ প্ৰচাৰত জড়িত ব্যক্তিকো কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে ৷

লগতে চাওক-বায়ু প্ৰদূষণৰ পৰা বৰ্তমানেও মুক্ত নহয় দেশৰ ৰাজধানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.