নিউজ ডেস্ক, ১৮ জানুৱাৰী: গুজৰাটবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। গুজৰাটৰ দুই মুখ্য চহৰ আহমেদাবাদ মেট্ৰ ৰেল' প্ৰকল্পৰ দ্বিতীয়টো পৰ্যায় আৰু চুৰাট মেট্ৰ ৰেল' প্ৰকল্পৰ ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । সোমবাৰে পুৱা ১০.৩০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মোডীয়ে ভূমি পূজন কৰিব। ইয়াৰ দ্বাৰা অনুকূল পৰিৱেশৰ লগতে সাৰ্বজনিক দ্ৰুত পৰিবহন সেৱা লাভ কৰিব পাৰিব গুজৰাটবাসীয়ে ।
-
Today is a landmark day for two of Gujarat’s leading urban centres. The Bhoomi Poojan of Surat Metro and Phase-2 of the Ahmedabad Metro would take place at 10:30 AM. https://t.co/4hs4EGm84p pic.twitter.com/tNEbgdCvmS
— Narendra Modi (@narendramodi) January 18, 2021 " class="align-text-top noRightClick twitterSection" data="
">Today is a landmark day for two of Gujarat’s leading urban centres. The Bhoomi Poojan of Surat Metro and Phase-2 of the Ahmedabad Metro would take place at 10:30 AM. https://t.co/4hs4EGm84p pic.twitter.com/tNEbgdCvmS
— Narendra Modi (@narendramodi) January 18, 2021Today is a landmark day for two of Gujarat’s leading urban centres. The Bhoomi Poojan of Surat Metro and Phase-2 of the Ahmedabad Metro would take place at 10:30 AM. https://t.co/4hs4EGm84p pic.twitter.com/tNEbgdCvmS
— Narendra Modi (@narendramodi) January 18, 2021
আহমেদাবাদ মেট্ৰ ৰেল' প্ৰকল্পৰ দ্বিতীয়টো পৰ্যায়ৰ দুয়োটা দিশ (কৰিডৰ)ৰ গাণনিক দিশ প্ৰায় ২৮.২৫ কিলোমিটাৰ হ'ব । প্ৰথমটো দিশৰ মটেৰা ষ্টেডিয়ামৰ পৰা মহাত্মা মন্দিৰলৈ দৈৰ্ঘ ২২.৮ কিলোমিটাৰ আৰু দ্বিতীয়টো দিশ গুজৰাট ৰাষ্ট্ৰীয় আইন মহাবিদ্যলয় চমুকৈ জিএনএলইউৰ পৰা গুজৰাট আন্তঃৰাষ্ট্ৰীয় বিত্ত চহৰ চমুকৈ জিআইএফটিলৈ দৈৰ্ঘ ৫.৪ কিলোমিটাৰ । প্ৰায় ৫,৩৮৪ কোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে ।
ইফালে চুৰাট মেট্ৰ ৰেল' প্ৰকল্পৰ দুয়োটা দিশৰ মুঠ দৈৰ্ঘ ৪০.৩৫ কিলোমিটাৰ । প্ৰথমটো দিশ সাৰ্থনাৰ পৰা ড্ৰিম চিটিলৈ দৈৰ্ঘ ২১.৬১ কিলোমিটাৰ আৰু দ্বিতীয়টো দিশ ভেচানৰ পৰা সাৰলীলৈ দৈৰ্ঘ ১৮.৭৪ কিলোমিটাৰ । প্ৰায় ১২,০২০ কোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে ।
এই ভূমি পূজন অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ লগতে কেন্দ্ৰীয় গৃহ আৰু চহৰ উন্নয়নৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীও উপস্থিত থাকিব ।
লগতে পঢ়ক:26 জানুৱাৰীৰ পৰা অযোধ্যাত আৰম্ভ হ'ব মচজিদ নিৰ্মাণৰ কাম