নিউজ ডেস্ক, ১৯ জুনঃ প্ৰৱজিত শ্ৰমিকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ ঘোষণা । মহামৰী COVID-19 প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশজুৰি চলা লক ডাউনৰ মাজতে নিজ নিজ গৃহ ৰাজ্যলৈ ঘূৰি যোৱা শ্ৰমিকসকৰ বাবে শনিবাৰ তথা ২০ জুনৰ পৰা আৰম্ভ কৰিব ৫০,০০০ কোটি টকাৰ 'মেগা ৰোজগাৰ যোজনা' ।
![মেগা ৰোজগাৰ যোজনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:26_tn-tpr-01-migrantlabourers-hometown-vis-7204381_11062020150937_1106f_01438_850.jpg)
বিহাৰৰ খগড়িয়া জিলাৰ পৰা আৰম্ভ হ'বলগীয়া এই 'মেগা ৰোজগাৰ যোজনা' পাচত দেশৰ ১১৬ খন জিলাতে আৰম্ভ কৰিব বুলি সদৰি কৰা হৈছে । সৰ্বাধিক শ্ৰমিক থকা চহৰ সমূহতে এই যোজনা আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।
এখন জিলাৰ কমেও ২৫,০০০ গৰাকী শ্ৰমিকক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে জিলাসমূহ নিৰ্বাচন কৰা হৈছে বুলিও উল্লেখ কৰে ।
আনহাতে, ২০ জুনৰ পৰা শুভাৰম্ভ হ'বলগীয়া ৫০,০০০ কোটি টকাৰ 'মেগা ৰোজগাৰ যোজনা' বিহাৰত সৰ্বাধিক তথা ৩২ খন জিলাত কৰাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ ৩১ খন, মধ্যপ্ৰদেশৰ ২৪ খন আৰু ৰাজস্থানৰ ২২ খন জিলাত আৰম্ভ কৰা হ'ব বুলি সদৰি কৰে ।
উল্লেখ্য যে, 'গৰীৱ কল্যাণ ৰোজগাৰ অভিযান'ৰ শুভাৰম্ভণীত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সীতাৰমণে কয় যে, প্ৰৱাসী শ্ৰমিকসকলক কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যৰে ২৫ খনতকৈ নতুন আঁচনিৰ কাম চৰকাৰে হাতত লৈছে ।
লগতে পঢ়ক : কিয় এগৰাকী কাশ্মীৰিৰ নামেৰে নামাংকন হৈছিল গালৱান ভেলীক ?