ETV Bharat / bharat

অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Aug 5, 2020, 6:27 PM IST

আজিৰ এই ভুমিপূজন অনুষ্ঠানত কৰ‘ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 1980 ৰ দশকত আৰম্ভ হোৱা আন্দোলনত অংশগ্ৰহণ কৰা নেতা সকলৰ লগতে আমন্ত্ৰিত অতিথিৰ তালিকা 175 গৰাকীতে সীমিত ৰখা হয় ৷

pm-performs-bhoomi-pujan-for-ram-temple-in-ayodhya
অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, 5 আগষ্ট : বুধবাৰে অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ ভূমিপূজন সম্পন্ন কৰে ৷ য‘ত নেকি তিনিদশক ধৰি চলি থকা বিজেপিৰ ৰাজনৈতিক পৰিভাষিত কৰি অহা মন্দিৰ আন্দোলনক সফল ৰূপ দিয়া হয় আৰু ইয়াৰ দ্বাৰাই বিজেপিয়ে নিজৰ ৰাজনৈতিক স্থিতিক আৰু অধিক শক্তিশালী কৰিবলৈ সক্ষম হয় ৷

আজিৰ এই অনুষ্ঠানত আৰ এছ এছ প্ৰমুখ মোহন ভাগৱৎ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথো উপস্থিত থাকে ৷ উল্লেখ যে, উক্ত স্থানতে ভগৱান ৰামৰ জন্ম হৈছিল বুলি বৃহৎ সংখ্যক হিন্দু ধৰ্মত বিশ্বাসী লোকে বিশ্বাস কৰে ৷

আজিৰ এই ভূমিপূজন অনুষ্ঠানত কৰ‘ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 1980 ৰ দশকত আৰম্ভ হোৱা আন্দোলনত অংশগ্ৰহণ কৰা নেতা সকলৰ লগতে আমন্ত্ৰিত অতিথিৰ তালিকা 175 গৰাকীতে সীমিত ৰখা হয় ৷

অনুষ্ঠান সমাপ্ত হোৱাৰ লগে লগে "ভাৰত মাতা কি জয়" আৰু "হৰ হৰ মহাদেৱ " ধ্বনি দিয়া হয় ৷

উল্লেখ যে, ৰাম জন্মভূমিৰ মন্দিৰত আধাৰশিলা স্থাপনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে হনুমানগঢ়ী মন্দিৰত প্ৰাৰ্থনাত অংশ লয় ৷

লগতে পঢ়ক:ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ সফল ৰূপায়নৰ বাবে হোজাই আৰু নলবাৰীত পূজা-অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.