ETV Bharat / bharat

বিহাৰত পেট্ৰ’লিয়াম খাদৰ তিনিটা প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰী মোদীৰ - ইণ্ডিয়ান অইল আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন

দেওবাৰে বিহাৰত ভিডিঅ’ কনফাৰেন্সযোগে পেট্ৰ’লিয়াম খাদৰ তিনিটা প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰী মোদীৰ ৷ উক্ত প্ৰকল্পত দুৰ্গাপুৰ-বাংকা খণ্ড আৰু এলপিজি বটলিং প্লাণ্ট অন্তৰ্ভুক্ত কৰা হৈছে ৷

PM Narendra Modi to dedicate 3 Petroleum Sector projects in Bihar
বিহাৰত পেট্ৰ’লিয়াম খাদৰ তিনিটা প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰী মোদীৰ
author img

By

Published : Sep 13, 2020, 11:22 AM IST

Updated : Sep 13, 2020, 2:59 PM IST

নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ: বিহাৰত দেওবাৰে ভিডিঅ’ কনফাৰেন্সযোগে পেট্ৰ’লিয়াম খাদৰ তিনিটা প্ৰকল্প মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰীসহ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৷

এই প্ৰকল্পত পাৰাদ্বীপ-হালদিয়া-দুৰ্গাপুৰ পাইপ লাইন বিস্তাৰিত প্ৰকল্পৰ দুৰ্গাপুৰ-বাংকা খণ্ড আৰু এলপিজি বটলিং প্লাণ্ট অন্তৰ্ভুক্ত কৰা হৈছে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘‘বিহাৰৰ বাবে যি প্ৰধানমন্ত্ৰী পেকেজ প্ৰদান কৰা হৈছিল, তাত পেট্ৰ’লিয়াম আৰু গেছৰ সৈতে জড়িত 10 টা প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই প্ৰকল্পসমূহত মুঠ 21,000 কোটি টকা খৰচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ ৰাজ্যখনৰ এইটো হৈছে 7 নম্বৰ প্ৰকল্প ৷’’

আনহাতে চৰকাৰী সূত্ৰই জনোৱা মতে, এই প্ৰকল্প ইণ্ডিয়ান অইল আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ অধীনত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ’ব ৷

আত্ম নিৰ্ভৰ ভাৰত অভিযানৰ ওপৰত ভিত্তি কৰি বিহাৰ ৰাজ্যখনক উজ্জ্বল বিহাৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰকল্প মুকলি কৰে ৷

আনহাতে এক সূত্ৰই জনোৱা মতে, 131.75 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা বটলিং প্লাণ্টসমূহ ৰাজ্যখনৰ ভগলপুৰ,বাংকা,জামুই,আৰাৰিয়া,কিষাণগঞ্জ জিলা আৰু লগতে ঝাৰখণ্ডৰ গোড্ডা,দেওগড়,ডুমকা,চাহিবগঞ্জ আৰু পাকুৰ জিলাত স্থাপন কৰা হৈছে ৷

প্ৰতিদিনে 1800 টন এলপিজিৰ সঞ্চয় ক্ষমতা আৰু 40,000 চিলিণ্ডাৰৰ বটলিং ক্ষমতা সম্পন্ন এই প্লাণ্টে বিহাৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব ৷

লগতে পঢ়ক: কৰ’ণামুক্ত হোৱাৰ এসপ্তাহ পাছতে পুনৰ এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Sep 13, 2020, 2:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.