ETV Bharat / bharat

হেলিকপ্তাৰেৰে ঘূৰ্ণীবতাহত বিধস্ত বেংগল, উড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে - পশ্চিমবংগত 72 গৰাকী লোকৰ মৃত্যু

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পশ্চিমবংগ আৰু উড়িশা ভ্ৰমণ ৷ আকাশমাৰ্গেৰে আজি দুই ৰাজ্য ভ্ৰমণ কৰি শেহতীয়া পৰিস্থিতিৰ বুজ ল'ব মোডীয়ে ৷

ঘূৰ্ণীবতাহ আম্ফান
বেংগল, উড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
author img

By

Published : May 22, 2020, 8:19 AM IST

নেশ্যনেল ডেস্ক, 22 মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে ঘূৰ্ণীবতাহ আম্ফানৰ ফলত বিধস্ত হোৱা পশ্চিমবংগ আৰু উৰিষ্যা ভ্ৰমণ কৰিব ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়া অনুসৰি, এই দুই ৰাজ্যৰ পৰিস্থিতি পৰিদৰ্শন কৰিবৰ বাবে প্ৰধানমন্ত্ৰী গৰাকী আকাশমাৰ্গেৰে ভ্ৰমণ কৰিব ৷

বৃহস্পতিবাৰে নিশা PMO ৰ পৰা প্ৰদান কৰা তথ্য অনুসৰি, তেওঁ আকাশমাৰ্গেৰে ভ্ৰমণ কৰাৰ লগতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব আৰু সাহাৰ্য আৰু পুনৰ্সংস্থাপন সম্পৰ্কত আলোচনা কৰিব ৷

ঘূৰ্ণীবতাহ আম্ফানৰ ফলত পশ্চিমবংগত 72 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে ৷ ইয়াৰোপৰি, বহুসংখ্যক দলং খহাই নিয়াৰ লগতে দ' অঞ্চলসমূহ পানীত বুৰ গৈছে ৷

আনহাতে, উড়িশাৰ বহু উপকূলীয় জিলাত বিদ্যুৎ আৰু টেলিকম আন্তঃগাঁথনি ধংস কৰি নিছে ৷ ইয়াৰ পাচতে এই ভয়াবহ ঘূৰ্ণীবতাহ বাংলাদেশৰ ফালে ধাৱমান হয় ৷

উল্লেখ্য যে, 24 মাৰ্চত লকডাউন ঘোষণা কৰাৰ পাচত দেশৰ ৰাজধানী দিল্লীৰ বাহিৰত এয়া প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰথমটো ভ্ৰমণ হ'ব ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী গৰাকী পশ্চিমবংগত উপস্থিত হোৱাৰ পাচতে দুপৰীয়া ভাগত উৰিষ্যাত প্ৰৱেশ কৰিব ৷

বহুকেইটা টুইটৰ জৰিয়তে মোডীয়ে কয় যে, আক্ৰান্তসকলক সাহাৰ্য আৰু সমৰ্থন আগবঢ়োৱাত কোনো ক্ৰুটি ৰখা নহ'ব ৷

আনহাতে, আক্ৰান্ত অঞ্চল সমূহত ৰাষ্ট্ৰীয় দূৰ্যোগ ব্যৱস্থাপনা দলে (National Disaster Response Force) উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.