ETV Bharat / bharat

ক’ভিড বাৰ্তা প্ৰেৰণ কৰিবলৈ ‘জন আন্দোলন’ অভিযান আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে - তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়

বৃহস্পতিবাৰে টুইটাৰযোগে ‘জন আন্দোলন’ নামৰ অভিযান আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে টুইটৰ মাধ্যমেৰে এই প্ৰচাৰ অভিযান আৰম্ভ কৰিব বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে জানিবলৈ দিয়ে ৷

PM Modi to launch 'jan andolan' campaign for COVID appropriate behaviour
‘জন আন্দোলন’ অভিযান আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
author img

By

Published : Oct 7, 2020, 10:42 PM IST

নিউজ ডেস্ক,7 অক্টোবৰ: ক’ভিড-19ৰ যথাযথ আচৰণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক উৎসৱ,শীত কাল আৰু অৰ্থনীতি উদ্বোধনৰ বাবে বৃহস্পতিবাৰে টুইটাৰযোগে ‘জন আন্দোলন’ নামৰ অভিযান আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি,প্ৰধানমন্ত্ৰীয়ে টুইটৰ মাধ্যমেৰে এই প্ৰচাৰ অভিযান আৰম্ভ কৰিব ৷

সকলোকে জন আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে এই অভিযান আৰম্ভ কৰা হ’ব ৷ কম মূল্যৰ আৰু অধিক উপকাৰী মাস্ক পৰিধান,সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু স্বচ্ছতা অটূট ৰখা আদি গুৰুত্বপূৰ্ণ বাৰ্তাৰ সৈতে এই তীব্ৰ অভিযান আৰম্ভ কৰা হ’ব ৷

সকলোৰে পৰা এক ক’ভিড প্ৰতিজ্ঞা গ্ৰহণ কৰা হ’ব আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰণালয়,বিভাগ,ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা এক সন্মিলিত কাৰ্য পৰিচালনা ৰূপায়ণ কৰা হ’ব ৷ অভিযানৰ মূল বিষয়বস্তু হৈছে বিশেষ টাৰ্গেটযুক্ত জিলাসমূহত ক্ষেত্ৰ বিশিষ্ট সঞ্চাৰ,প্ৰত্যেক গৰাকী নাগৰিকৰ সৈতে যোগাযোগ কৰিবলৈ,সকলো মিডিয়া প্লেটফ’ৰ্ম,বেনাৰ,পোষ্টাৰৰ ব্যৱহাৰ কৰি আৰু লাভান্বিত হোৱাসকলক চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰা ৷

এই অভিযানে চৰকাৰী প্ৰাংগণত হোৰ্ডিং,দেৱাল চিত্ৰ,ইলেক্ট্ৰ’নিক ডিশ্প্লে ব’ৰ্ড স্থাপন,বাৰ্তা প্ৰচাৰৰ বাবে স্থানীয় আৰু জাতীয় প্ৰভাৱশালীৰ সৈতে জড়িত থকা,সচেতনতাৰ বাবে নিয়মীয়া সচেতনতা প্ৰস্তুত কৰিবলৈ মোবাইল ভানৰ ব্যৱস্থা,অডিঅ’ বাৰ্তা আদি অন্তৰ্ভুক্ত কৰিছে ৷

অভিযানত ক’ভিড বাৰ্তা প্ৰেৰণ কৰিবলৈ স্থানীয় কেবল অপাৰেটৰৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক: ৰাজস্থানৰ বাৰমেড়ত নাবালিকাক ধৰ্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.