নিউজ ডেস্ক, ১৮ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে দেশৰ শ্ৰমিকসকলক সহায়ৰ অৰ্থে মুকলি কৰিব এটা বৃহত্ গ্ৰাম্য আঁচনি। কোভিড ১৯ ৰ সংকটৰ বাবে নিজ নিজ ৰাজ্যলৈ উভতি অহা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক সৱল কৰা তথা জীৱিকাৰ সুযোগ প্ৰদানৰ বাবে এই আঁছনি মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

২০ জুনত ভিডিঅ'ৰ মাধ্যমেৰে এই "গৰীৱ কল্যাণ ৰোজগাৰ অভিযান" আঁচনিৰ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। এই আঁচনি মুকলিৰ সময়ত ভিডিঅ' কনফাৰেঞ্চযোগে প্ৰধানমন্ত্ৰীৰ লগত উপস্থিত থাকিব বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰ আৰু উপমুখ্যমন্ত্ৰী সুশিল মোডী। বৃহস্পতিবাৰে এই বিভাগীয় সূত্ৰই প্ৰকাশ কৰে এই কথা।
বিহাৰৰ খাগৰীয়া জিলাৰ বেলডাউৰ ব্ল'কৰ টেলিহাৰ গাঁৱৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ কাম। এই শুভাৰম্ভণি অনুস্থানত পাঁচখন আন আন জিলাৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীও উপস্থিত থাকিব।
বিহাৰ, উত্তৰ প্ৰদেশ,মধ্য প্ৰদেশ,ৰাজস্তান,ঝাৰখণ্ড,ওড়িশা আদিকে ধৰি দেশৰ প্ৰায় ১১৬ খন জিলাৰ ২৫০০০ প্ৰব্ৰজনকাৰী শ্ৰমিক এই আঁচনিৰ দ্বাৰা লাভাৱান্বিত হ'ব।
"গৰীৱ কল্যাণ ৰোজগাৰ অভিযান" আঁচনিৰ মুকলি অনুস্থানত উক্ত ৬ খন ৰাজ্যৰ ১১৬ খন জিলাৰ শ্ৰমিকসকলে সাধাৰণ পৰিসেৱা কেন্দ্ৰ তথা কৃষি বিজ্ঞান কেন্দ্ৰলৈ গৈ এই অনুস্থানত ভাগ ল'ব পাৰিব। কিন্তু এই অনুষ্ঠানত ভাগ লওতে সকলো লোকে সামাজিক দুৰত্ব মানি চলা আৰু মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক।
এই আঁচনিৰ অধিনত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে ২৫ টা বিভিন্ন ক্ষেত্ৰত নিয়োগ লাভ কৰিব। গ্ৰাম্য উন্নয়ণ,পঞ্চায়তী ৰাজ,পথ পৰিবহন,খনি,খোৱাপানী আৰু বিশুদ্ধিকৰণ,পৰিৱেশ, ৰেল আদি ১২ টা বেলেগ বেলেগ মন্ত্ৰণালয়ৰ সমন্বিত প্ৰচেষ্টাত এই "গৰীৱ কল্যাণ ৰোজগাৰ অভিযান" আঁচনিখনৰ কাম কৰা হ'ব।