ETV Bharat / bharat

দেশৰ অৰ্থনৈতিক অৱস্থা প্ৰসংগত মোডী মিলিত হ'ব মুখ্যমন্ত্ৰী সকলৰ সৈতে - পঞ্চমবাৰলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে মোডী মিলিত

লক ডাউন ঘোষণা কৰা দিনৰ পাচত পঞ্চমবাৰলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী সকলৰ সৈতে মোডী মিলিত হ'ব । ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা এই বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী গৰাকী ।

দেশৰ অৰ্থনৈতিক অৱস্থা প্ৰসংগত মোডী মিলিত হ'ব মুখ্যমন্ত্ৰী সকলৰ সৈতে

author img

By

Published : May 11, 2020, 10:34 AM IST

নিউজ ডেস্ক, 11 মে': 54 দিনীয়া লক্ ডাউনৰ অন্তিম সপ্তাহত উপস্থিত হৈছে ভাৰত । এই সময়চোৱাত সোমবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্থনৈতিক দিশটোৰ ওপৰত এক বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে মিলিত হ'ব ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জনোৱা আনুসৰি বিয়লি 3 বজাত অনুষ্ঠিত হ'ব এই বৈঠক । বিগত বাৰৰ দৰেই ভিডিঅ' কনফাৰেন্সৰ দ্বাৰা এই বৈঠক অনুষ্ঠিত হ'ব । লক্ ডাউনৰ সময়চোৱাত পঞ্চমবাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে মিলিত হ'ব মোডী ।

কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ ভাৰতত 25 মাৰ্চৰ পৰা 14 এপ্ৰিললৈ প্ৰথম পৰ্যায়ত লক্ ডাউন ঘোষণা কৰা হৈছিল, য'ত সকলো উদ্যোগ তথা অৰ্থনৈতিক কাৰ্যকলাপ বন্ধ হৈ পৰে । ৰোগ সংক্ৰমণ বৃদ্ধি হোৱাত 14 এপ্ৰিলৰ পৰা 3 মে'লৈ লক্ ডাউন পুনৰ বঢ়াই দিয়া হয় । এই সময়চোৱাটো বন্ধ থাকে সকলো, যাৰ বাবে অৰ্থনৈতিক ভাবে বহু ক্ষতি হয় দেশৰ ।

আনহাতে, কৰ'ণা সংক্ৰমণ অব্যহত থকাত তৃতীয় বাৰলৈ লক্ ডাউন বৃদ্ধি কৰিব লগীয়া হয় । 17 মে'লৈ বৃদ্ধি কৰা লক্ ডাউন পূৰ্বৰ দুটা পৰ্যায়তকৈ শিথিল কৰি নিৰ্দিষ্ট কেতবোৰ স্থানক বাদ দি উদ্যোগৰ লগতে আন কাৰ্যকলাপ সমূহ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল । তাৰ বাবে প্ৰশাসনে কেতবোৰ নিৰ্দেশনা বান্ধি দিছিল ।

ইপিনে দেওবাৰলৈ ভাৰতত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 62,939 হৈছে । য'ত মৃত্যু হৈছে 2109 গৰাকী লোকৰ । 24 ঘণ্টাৰ ভিতৰত ভাৰতত পোহৰলৈ আহিছে 3,277 টা কেছ আৰু মৃত্যু হৈছে 128 জনৰ ।

লগতে পঢ়ক : আকৌ হ'ব নেকি লক্ ডাউন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.