নিউজ ডেস্ক, 13 অক্টোবৰঃ অৱশেষত মুকলিৰ দিশে বহু বিতৰ্কিত কৰ্টাৰপুৰ কৰিডৰ ৷ ভাৰত-পাকিস্তানৰ সীমান্তত অৱস্থিত কৰ্টাৰপুৰ শিখসকলৰ বাবে এক ধৰ্মীয় উপাসনাৰ স্থল ৷ ভাৰত-পাকিস্তানত বাস কৰা শিখসকলৰ বাবে দুয়োখন দেশেই ইতিমধ্যে উক্ত স্থান মুকলি কৰাৰ বাবে সিদ্ধান্তত উপনীত হৈছিল আৰু উক্ত স্থানলৈ যাবলৈ নিৰ্মাণ কৰা হৈছিল এই কৰিডৰ ৷
লগতে পঢ়কঃ মিছন চাৰিআলিত উত্তেজনাঃ ট্ৰাক চালকৰ হাতত প্ৰহৃত যান-বাহন আৰক্ষী
অৱশেষত অহা নৱেম্বৰ মাহত মুকলি হ'ব এই কৰ্টাৰপুৰ কৰিডৰ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা 8 নৱেম্বৰত মুকলি কৰিব ইয়াৰ ভাৰতীয় দিশটো ৷
এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে ৷ টুইটযোগে এই কথা জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে লিখে যে, "গুৰু নানকৰ আশীৰ্বাদত অৱশেষত মুকলিৰ দিশে কৰ্টাৰপুৰ কৰিডৰ ৷ 8 নৱেম্বৰত লিখা যাব ইতিহাস ৷ কৰ্টাৰপুৰ কৰিডৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷"
উল্লেখ্য যে, প্ৰথম অৱস্থাত কৰ্টাৰপুৰ কৰিডৰ মুকলিৰ বাবে চৰ্চালৈ আহিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নাম ৷ ইয়াৰ বাবে বিগত 3 অক্টোবৰত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে নতুন দিল্লীত সাক্ষাৎ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ মিডিয়া উপদেষ্টা ৰবীন ঠুকৰালে টুইট কৰি এই কথা জনাইছিল ৷ চুলতানপুৰ লোধিত হ'বলগীয়া অনুষ্ঠানলৈ নিমন্ত্ৰণ গ্ৰহণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
-
Eternally Grateful to Guru Sahab for enabling Modi ji to correct the wrong committed by @INCIndia 72 yrs ago & connecting us to the abode of our Guru. 2/2#kartarpurcorridor
— Harsimrat Kaur Badal (@HarsimratBadal_) October 12, 2019 " class="align-text-top noRightClick twitterSection" data="
">Eternally Grateful to Guru Sahab for enabling Modi ji to correct the wrong committed by @INCIndia 72 yrs ago & connecting us to the abode of our Guru. 2/2#kartarpurcorridor
— Harsimrat Kaur Badal (@HarsimratBadal_) October 12, 2019Eternally Grateful to Guru Sahab for enabling Modi ji to correct the wrong committed by @INCIndia 72 yrs ago & connecting us to the abode of our Guru. 2/2#kartarpurcorridor
— Harsimrat Kaur Badal (@HarsimratBadal_) October 12, 2019
লগতে পঢ়কঃ জালুকবাৰী আৰক্ষীৰ জালত দুই গাড়ী চোৰ
কিন্তু শেহতীয়াকৈ কৰ্টাৰপুৰ কৰিডৰক লৈ হৰচিমৰত কৌৰ বাদলে কৰা টুইটে সকলো কথা স্পষ্ট কৰি তোলে ৷ মনমোহন সিঙৰ পৰিৱৰ্তে কৰ্টাৰপুৰ কৰিডৰ উদ্বোধন কৰিব নৰেন্দ্ৰ মোডীয়ে ৷ টুইটত মন্ত্ৰীগৰাকীয়ে লিখে যে, "72 বছৰ আগতে কংগ্ৰেছে ভুল কৰিছিল ৷ প্ৰধানমন্ত্ৰীয়ে সেই ভুল সংশোধন কৰিছে ৷ নৰেন্দ্ৰ মোডীক এই কামৰ বাবে সক্ষম কৰাৰ লগতে আমাক সংযুক্ত কৰাৰ বাবে গুৰু চাহাবৰ আগত আমি কৃতজ্ঞ ৷"
অহা 8 অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে কৰ্টাৰপুৰ কৰিডৰ উদ্বোধন কৰা পিচতে 11 অক্টোবৰত উক্তস্থান পৰিদৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ উক্ত দিনতে গৃহমন্ত্ৰীগৰাকীয়ে শিৰোমনি গুৰুদ্বাৰ প্ৰবন্ধক কমিটি পৰিদৰ্শন কৰিব ৷ তাৰ পিচতেই উক্ত স্থানলৈ যাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷
লগতে পঢ়কঃ গোলাঘাটত স্বামীৰ হাতত পত্নীৰ মৃত্যু
গুৰু নানকৰ 550তম জন্মজয়ন্তীৰ 4দিন পূৰ্বে মুকলি কৰা হ'ব কৰ্টাৰপুৰ কৰিডৰ ৷ প্ৰস্তাৱিত কৰ্টাৰপুৰ কৰিডৰত যাবৰ বাবে কোনোধৰনৰ ভিছাৰ প্ৰয়োজন নহ'ব ৷ প্ৰতিদিনে 5 হাজাৰ তীৰ্থযাত্ৰীক উক্ত স্থান পৰিদৰ্শন কৰিবলৈ ইতিমধ্যেই অনুমতি প্ৰদান কৰিছে পাকিস্তানে ৷ পাঞ্জাৱ সীমান্তৰ বাবা নানক ডেৰাৰ পৰা পাকিস্তানৰ কৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰ পৰ্যন্ত তীৰ্থযাত্ৰীসকল যাবৰ বাবেই এই কৰিডৰ নিৰ্মান কৰিছে দুয়োখন দেশে ৷