ETV Bharat / bharat

পৰিদৰ্শন সচেতনতা সপ্তাহ উপলক্ষে সন্মিলন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে - দুৰ্নীতি বিৰোধী ৰাষ্ট্ৰীয় সন্মিলন

মঙলবাৰে বিয়লি 5 বজাত পৰিদৰ্শন সচেতনতা সপ্তাহ উপলক্ষে ভিডিঅ’ কনফাৰেন্সযোগে দুৰ্নীতি বিৰোধী ৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কেন্দ্ৰীয় সচেতন আয়োগে প্ৰতিবছৰে 27 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈ পৰিদৰ্শন সচেতনতা সপ্তাহ পালন কৰে ৷ ‘সতৰ্ক ভাৰত,সমৃদ্ধি ভাৰত’ বিষয়বস্তুৰে এইবাৰৰ পৰিদৰ্শন সচেতনতা সপ্তাহ পালন কৰা হ’ব ৷

PM Modi to inaugurate conference on vigilance and anti-corruption
পৰিদৰ্শন সচেতনতা সপ্তাহ উপলক্ষে সন্মিলন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
author img

By

Published : Oct 25, 2020, 5:41 PM IST

নিউজ ডেস্ক,25 অক্টোবৰ : পৰিদৰ্শন সচেতনতা সপ্তাহ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে মঙলবাৰে বিয়লি 5 বজাত দুৰ্নীতি বিৰোধী ৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰিব ৷

সকলো সংস্থাক উপদেশ দিয়া অনুসৰি,সকলোৱে ক’ভিড-19 প্ৰতিৰোধৰ নিয়মাৱলী মানি চলিব লাগিব ৷ যেনে- মাস্ক পৰিধান কৰা,দুই গজ দূৰত্ব অৱলম্বন কৰা আৰু সকলো স্থানতে হাত ধোৱা আদি ৷

মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ চিবিআয়ে এই অনুষ্ঠানটোৰ আঁত ধৰিব ৷ কেন্দ্ৰীয় সচেতন আয়োগে চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিন উপলক্ষে প্ৰতিবছৰে 27 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈ পৰিদৰ্শন সচেতনতা সপ্তাহ পালন কৰে ৷ ‘সতৰ্ক ভাৰত,সমৃদ্ধি ভাৰত’ বিষয়বস্তুৰে এইবাৰৰ পৰিদৰ্শন সচেতনতা সপ্তাহ পালন কৰা হ’ব ৷

ৱেবচাইটত এই বিষয়বস্তুটোৰ প্ৰস্তাৱ ৰখা হৈছিল ৷ মুখ্য সতৰ্ক বিষয়ববীয়াই ৰায় প্ৰদান কৰাৰ পাচত বিষয়বস্তুটোৰ অন্তিম ৰূপ দিয়া হয় ৷ পেঞ্চন আৰু পেঞ্চনভুগী কল্যাণ বিভাগে সদৰি কৰা মতে,‘‘আয়োগে বিশ্বাস কৰে ৰাষ্ট্ৰৰ অগ্ৰগতিৰ ক্ষেত্ৰত দুৰ্নীতি এক ডাঙৰ বাধা ৷ আমাৰ জাতীয় জীৱনৰ প্ৰতিটো খোজতে অখণ্ডতা বজাই ৰখাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকে সাৱধানে থকা উচিত’’ ৷

আয়োগৰ ইচ্ছা-সকলো সংস্থাই আভ্যন্তৰীণ গতিবিধিৰ ওপৰত গুৰুত্ব দিব লাগে,যিটো এই বৰ্ষৰ পৰিদৰ্শন সচেতনতা সপ্তাহৰ এক অংশ বুলি ধৰা হৈছে ৷ ইয়াত আভ্যন্তৰীণ প্ৰক্ৰিয়াসমূহৰ সংশোধন আৰু প্ৰণালীগত সংশোধনৰ বাবে প্ৰায়োগিক সংশোধন অন্তৰ্ভুক্ত হৈ আছে ৷

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ অধীনত সংগঠিত সম্প্ৰদায় আৰু মধ্যম স্তৰৰ বিষয়াসকলৰ বাবে মধ্য-কেৰিয়াৰ প্ৰশিক্ষণৰ প্ৰতি লক্ষ্য ৰাখি পৰিদৰ্শন সচেতনতা সপ্তাহত এক আৰ্হি অন্তৰ্ভুক্ত কৰা হৈছে ৷

লগতে পঢ়ক : আৰএছএছ প্ৰতিষ্ঠা দিৱস : গৃহমন্ত্ৰী আৰু বিজেপি সভাপতিৰ শুভেচ্ছা জ্ঞাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.