ETV Bharat / bharat

3 অক্টোবৰত ৰোহটাঙৰ অটল সুৰংগ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে - হিমাচল প্ৰদেশ

3 অক্টোবৰত বিশ্বৰ সুদীৰ্ঘ হাইৱে' সুৰংগ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ পুৱা 1 বজাত হিমাচল প্ৰদেশৰ ৰোহটাঙৰ অটল সুৰংগ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

অটল সুৰংগ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
প্ৰধানমন্ত্ৰী মোডী
author img

By

Published : Oct 1, 2020, 9:18 PM IST

নেশ্যনেল ডেস্ক, 1 অক্টোবৰ : 3 অক্টোবৰত বিশ্বৰ সুদীৰ্ঘ হাইৱে' সুৰংগ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ পুৱা 1 বজাত হিমাচল প্ৰদেশৰ ৰোহটাঙৰ অটল সুৰংগ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

মনালীৰ পৰা লাহৌল-স্পিতি সংযুক্ত এই সুৰংগটোৰ দৈৰ্ঘ্য 9.02 কিল'মিটাৰ ৷ উল্লেখ্য যে, প্ৰচুৰ তুষাৰপাতৰ সময়ত পূৰ্বে এই উপত্যকাটো 6 মাহ জুৰি অন্য স্থানৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থাকে ৷ এই সুৰংগৰ ফলত মনালীৰ পৰা লেহৰ দূৰত্ব 46 কিল'মিটাৰ হ্ৰাস পোৱাৰ লগতে সময় 5 ৰ পৰা 6 ঘন্টালৈ হ্ৰাস হ'ব ৷

উল্লেখ্য যে, ৰোহটং পাছৰ তলত এই সুংৰগ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল 2000 চনৰ 3 জুনত ৷ সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী ৷ 2002 চনৰ 26 মে'ত এই সুৰংগৰ আধাৰশিলা নিৰ্মাণ কৰা হৈছিল ৷

প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰণালয়ে 2019 চনৰ 24 ডিচেম্বৰত এই সুৰংগৰ নাম 'অটল সুৰংগ' হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : মনালী-লেহ মাৰ্গত তিনিখনকৈ সেঁতু উদ্বোধন কৰিব ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.