নিউড ডেস্ক, 26 জুনঃ জি-20 সন্মিলনৰ সমান্তৰালকৈ 10খনকৈ বৈদেশিক বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ চলিত সপ্তাহত জাপানৰ ওচাকাত অনুষ্ঠিত হ'বলগীয়া জি20 সন্মিলনৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতেও আলোচনাত মিলিত হ'ব ৷
চৈধ্য সংখ্যক জি-20 সন্মিলন চলিত সপ্তাহৰ 28 আৰু 29 তাৰিখে জাপানৰ ওচাকা চহৰত অনুষ্ঠিত হ'ব ৷ এই সন্মিলনৰ লগতে ৰাছিয়া-ভাৰত-চীন আৰু জাপান-আমেৰিকা-ভাৰত শীৰ্ষক ত্ৰিদেশীয় বৈঠক অনুষ্ঠিত হ'ব ৷ জি-20 সন্মিলনৰ সমান্তৰালকৈ এই দুই ত্ৰিদেশীয় বৈঠকৰ লগতে ব্ৰীকছৰ নেতৃত্বৰ সৈতেও বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী ৷ ইয়াৰ উপৰিও আন দহখন বৈদেশিক বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী ৷ ইয়াৰ ভিতৰত জাপানৰ প্ৰধানমন্ত্ৰী ছিন জো আবে,তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰ্ডোগান, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন হ'ব অন্যতম শক্তিশালী নেতা ৷
জি-20 সন্মিলনত ভাৰতৰ ছেৰপা হ'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভু ৷ চৈধ্য সংখ্যক জি-20 সন্মিলনত আলোচ্য বিষয় থাকিব,মুক্ত বাণিজ্য আৰু অৰ্থনৈতিক বিকাশ,গোলকীয় অৰ্থনীতি (আয়কৰ,বিত্ত,ডিজিটেল অৰ্থনীতি আৰু কৃত্ৰিম বুদ্ধিমত্তা),নিৰকুংশ আৰু বহনক্ষম পৃথিৱী,শক্তি আৰু পৰিৱেশ,5.0 সমাজ,শক্তিশালী আন্তঃগাঁথনি,গোলকীয় স্বাস্থ্য,জলবায়ু পৰিৱৰ্তন আৰু সাগৰীয় প্লাষ্টিক আৱৰ্জনা হ'ব অন্যতম ৷ সন্মিলনত ভাৰতে উত্থাপন কৰিবলগীয়া বিষয়সমূহ,শক্তি সুৰক্ষা,বিত্তীয় স্থিৰতা,বহুপক্ষীয় সালসলনি ব্যৱস্থাৰ পৰিৱৰ্তন,বিশ্ব বাণিজ্য সংস্থাৰ পৰিমাপক,পলাতক অৰ্থনৈতিক অপৰাধী,সন্ত্ৰাসবাদ,সুষম সামাজিক সুৰক্ষা আঁচনি,দুৰ্যোগ-স্থিতিশীল আন্তঃগাঁথনিৰ লগতে খাদ্য সুৰক্ষা হ'ব অন্যতম ৷
অহা 28-29 জুনত হ'বলগীয়া জি-20 সন্মিলনত চাৰিটা পৰ্যায়ত বিভিন্ন আলোচনা অনুষ্ঠিত হ'ব ৷ ইয়ালৰ ভিতৰত,গোলকীয় অৰ্থনীতিঃ বাণিজ্য আৰু বিনিয়োগ, ডিজিটেল অৰ্থনীতি আৰু কৃত্ৰিম বুদ্ধিমত্তা, অসমতা আৰু সুষম বহনক্ষম পৃথিৱী সম্বোধন তথা জলবায়ু পৰিৱৰ্তন, শক্তি আৰু পৰিৱেশ শীৰ্ষক চাৰিটা পৰ্যায়ত আলোচনাসমূহ অনুষ্ঠিত হ'ব ৷
উল্লেখ্য যে, জি-20ত আৰ্জেন্টিনা,অষ্ট্ৰেলিয়া,ব্ৰাজিল,কানাডা,চীন,ইউৰোপিয়ান ইউনিয়ন,ফ্ৰান্স,জাৰ্মানী,ভাৰত, ইণ্ডোনেছিয়া, ইটালী,জাপান,মেক্সিকো,ৰাছিয়া,চৌদি আৰৱ,দক্ষিণ আফ্ৰিকা,দক্ষিণ কোৰিয়া,তুৰ্কী,সংযুক্ত গণৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ সদস্য হিচাপে আছে ৷