ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীৰ সহ অধ্যক্ষতাত অনুষ্ঠিত হ’ব ভাৰত-ASEANৰ সন্মিলন

author img

By

Published : Nov 11, 2020, 5:05 PM IST

কৰ’ণা মহামাৰীৰ ফলত হোৱা আৰ্থিক ওলট-পালটৰ পৰা পূৰ্বৰ অৰ্থনৈতিক গতিলৈ আহিবলৈ গ্ৰহণ কৰা উপায়, ভাৰত-ASEANৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ স্থিতি পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত বৃহস্পতিবাৰে ভাৰত আৰু দহখন ৰাষ্ট্ৰৰ ASEANৰ মাজত অনুষ্ঠিত হ’ব এক ভাৰ্চুৱেল শীৰ্ষ সন্মিলন ৷

virtual India-ASEAN summit
ভাৰত-ASEANৰ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন

নিউজ ডেস্ক,11 নৱেম্বৰ : বৃহস্পতিবাৰে ভাৰত আৰু দহখন ৰাষ্ট্ৰৰ ASEANৰ মাজত অনুষ্ঠিত হ’বলগীয়া এক ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত সহ অধ্যক্ষ হিচাপে ভাগ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই সন্মিলনত কৰ’ণা মহামাৰীৰ ফলত হোৱা আৰ্থিক ওলট-পালটৰ পৰা পূৰ্বৰ অৰ্থনৈতিক গতিলৈ ঘূৰি আহিবলৈ গ্ৰহণ কৰা উপায়সমূহৰ আলোচনা কৰা হ’ব ৷ লগতে দেশসমূহৰ মাজৰ ৰাজনৈতিক সম্পৰ্ক অধিক মজবুত কৰা বিষয়তো আলোচনা কৰা হ’ব ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জনোৱা মতে,এই শীৰ্ষ সন্মিলনত ভাৰত-ASEANৰ কৌশলগত অংশীদাৰিত্বৰ স্থিতি পৰ্যালোচনা কৰা হ’ব আৰু সংযোগ,সামুদ্ৰিক সহযোগিতা,ব্যৱসায় আৰু বাণিজ্য,শিক্ষা আৰু সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হ’ব ৷

উল্লেখ্য যে,The Association of Southeast Asian Nations (ASEAN)ক বিশ্বৰ আটাইতকৈ শক্তিশালী দেশীয় প্ৰভাৱশালী গোট হিচাপে জনা যায় ৷ ভাৰত,আমেৰিকা,চীন,জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে অন্য বহুকেইখন দেশে এই গোটৰ অংশীদাৰত্ব লাভ কৰিছে ৷ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে 17 সংখ্যক ভাৰত-ASEANৰ শীৰ্ষ সন্মিলনখনত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী নুগেইন জুয়ানেও সহযোগিতা আগবঢ়াব ৷

ASEANৰ দহখন সদস্য দেশ হৈছে- ইন্দোনেছিয়া,মাল’য়েছিয়া,ফিলিপাইন,চিংগাপুৰ,থাইলেণ্ড,ব্ৰুনেই,ভিয়েটনাম,লাওছ,ম্যানমাৰ আৰু কম্বোডিয়া ৷

ভাৰত-ASEANৰ কৌশলগত অংশীদাৰিত্ব ভৌগলিক,ঐতিহাসিক আৰু সভ্য়তাৰ আধাৰত নিৰ্মিত ৷ এই অংশীদাৰিত্বই India's Act East Policy,ASEANৰ কেন্দ্ৰীয়তা আৰু মহত্বক মূল্যাংকণ আৰু ভাৰত-ASEANৰ মাজৰ সম্পৰ্কক দৰ্শোৱাৰ কথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : নীতিশ কুমাৰেই হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী : সুশীল মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.