নিউজ ডেস্ক,19 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মাজত সোমবাৰে এক টেলিফ’নিক বাৰ্তালাপ হয়৷ দুয়োৰে মাজত চলা প্ৰায় 30 মিনিটৰ কথা বতৰাত দুয়োখন দেশৰ মাজৰ দ্বি-পাক্ষিক চুক্তি আৰু আঞ্চলিক বিষয় সমূহৰ ওপৰত আলোচনা হয়৷
প্ৰধানমন্ত্ৰী মোডীয়ে চলিত বৰ্ষৰ জুন মাহত হৈ যোৱা জি-20 সন্মিলনৰ কথা স্মৰণ কৰে৷ ওশাকাৰ দ্বি-পাক্ষিক বৈঠকৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে, দুয়োখন দেশৰ পাৰস্পৰিক সুবিধাৰ অৰ্থে দ্বি-পাক্ষিক বাণিজ্যই যথেষ্ট সম্ভাৱনা কঢ়িয়াই আনিব৷ তেওঁ জনাই যে, অতি শীঘ্ৰেই ভাৰতৰ বাণিজ্য মন্ত্ৰী আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি এক আলোচনাত মিলিত হ’ব৷
প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে, সন্ত্ৰাসবাদ আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত প্ৰতিদিনে সাজু ৷ লগতে আফগানিস্তানৰ স্বাধীনতাৰ 100 বছৰীয়া বৰ্ষপূৰ্তিৰ শুভকামনা জনায়৷ মোডীয়ে ট্ৰাম্পৰ সৈতে থকা নিয়মিত যোগাযোগৰ প্ৰশংসা কৰে৷