নতুন দিল্লী, 27 মে’: স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 55 সংখ্যক মৃত্যু বাৰ্ষিকীত টুইটাৰযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ তেওঁ টুইটযোগে প্ৰকাশ কৰে, ‘‘পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকীৰ বাবে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন ৷ দেশৰ কাৰণে দি যোৱা তেওঁৰ অৱদান আমি সদায় স্মৰণ কৰিম ৷’’
ইয়াৰোপৰি, জেষ্ঠ কংগ্ৰেছী নেতাসকলৰ লগতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, গোলাম নবী আজাদেও শান্তিবনৰ ন্যাসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পণ্ডিত জৱাহৰলাল নেহৰুক ৷