ETV Bharat / bharat

শিশু দিৱসৰ দিনটোত নেহৰুক সোঁৱৰণ প্ৰধানমন্ত্ৰী মোডীৰ - কংগ্ৰেছ নেতা ৰাহুল গান্ধী

আজি 14 নৱেম্বৰ ৷ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন ৷ টুইটাৰ যোগে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধা নিবেদন ৷

শিশু দিৱসৰ দিনটোত নেহৰুক সোঁৱৰণ প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Nov 14, 2020, 8:21 AM IST

নিউজ ডেস্ক, 14 নৱেম্বৰ: স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তী উপলক্ষে শনিবাৰে দেশজুৰি পালন কৰা হৈছে শিশু দিৱস ৷ এই উপলক্ষে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিলে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ টুইটাৰ যোগে নিজৰ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰি মোডীয়ে এইবুলি লিখে, "দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক তেওঁৰ জন্ম জয়ন্তীত মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলী" ৷

  • देश के प्रथम प्रधानमंत्री पं. जवाहर लाल नेहरू को उनकी जयंती पर मेरी विनम्र श्रद्धांजलि।

    — Narendra Modi (@narendramodi) November 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এই উপলক্ষে নিজৰ অনুভৱ টুইটাৰ যোগে ব্যক্ত কৰি নেহৰুৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ভাতৃত্ববোধ, সমতা আদি মূল্যবোধেৰে আগুৱাই যাবলৈ সকলোকে আহ্বান জনাই ৷

  • Today, India celebrates the birth anniversary of its first PM Pandit Jawaharlal Nehru ji: a towering visionary who laid the foundation of our country with values of brotherhood, egalitarianism & modern outlook.

    Our endeavour must be to conserve these values.

    — Rahul Gandhi (@RahulGandhi) November 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিশেষকৈ শিশুসকলক সন্মান জনোৱাৰ উদ্দেশ্য ভাৰতত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন অৰ্থাৎ 14 নৱেম্বৰৰ দিনটো দেশজুৰি শিশু দিৱস হিচাপে পালন কৰা হয় ৷ বিশ্বৰ অন্যান্য প্ৰান্তত যদিও বেলেগ দিনত শিশু দিৱস পালন কৰা হয় ভাৰতত 14 নৱেম্বৰ দিনটোক শিশু দিবস হিচাপে উদযাপন কৰাৰ এক বিশেষ তাৎপৰ্য আছে ৷ শিশু সকলৰ মাজত নেহৰু খুড়া হিচাপে পৰিচিত পণ্ডিত নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যেই ভাৰতত 14 নৱেম্বৰৰ দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয় ৷

উল্লেখ্য যে শিশুসকলক দেশৰ ভৱিষ্যত হিছাপে গণ্য কৰাৰ লগতে শিশুসকলক মৰম আৰু ভালপোৱা প্ৰদানৰ ক্ষেত্ৰত নেহৰুৱে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল ৷ পূৰ্বতে 20 নৱেম্বৰ দিনটোত শিশু দিৱস পালন কৰা হৈছিল যদিও 1963 চনত নেহৰুৰ মৃত্যুৰ পাছতেই ভাৰত চৰকাৰে প্ৰতি বছৰে ভাৰতত 14 নৱেম্বৰৰ দিনটোক শিশুসকলৰ বাবে উচৰ্গা কৰি শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

লগতে পঢ়ক : পাকিস্তানৰ যুদ্ধবিৰতি উলংঘনঃ শ্বহীদ অসমৰ বীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.