নতুন দিল্লী, 31 ডিচেম্বৰ: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় কেতবোৰ বিষয়ত আলোচনা কৰাৰ বাবে এখন বৈঠকত মিলিত হয় ৷ আগন্তুক নতুন বছৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি ৰাষ্ট্ৰপতি সচিবালয়ে টুইট যোগে কয় যে, 2020 বৰ্ষটো শেষ হ'বৰ হ'ল ৷ যোৱাতো বছৰে দেশ তথা বিশ্ববাসীক বহু কথাই শিকালে ৷ গতিকে আহি থকা বছৰটো যাতে সকলোৰে ভালদৰে যায় তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷
কৰ'ণা মহামাৰীয়ে দেশৰ লাখ লাখ লোকৰ জীৱন প্ৰভাৱিত কৰিছে, যাৰ বাবে 2020 বৰ্ষটো বিশ্ববাসীৰ বাবে অতিকৈ কঠিন আছিল । ভাৰতত এতিয়া কৰ'ণাক্ৰান্তৰ মৃত্যুৰ প্ৰৱণতা কিছু হ্ৰাস পাইছে । সম্প্ৰতি ভাৰত চৰকাৰে চাৰিখনকৈ ৰাজ্যত কোভাক্সিনৰ মানৱ পৰীক্ষণৰ কাম আৰম্ভ কৰিছে। ৰাষ্ট্ৰপতিয়ে গৰাকীয়ে লগতে কয়, "যিহেতু ক'ভিড-19য়ে বিশ্বৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে, সেইবাবে আমি ভাৰতক অধিক স্ব-নিৰ্ভৰশীল কৰাৰ চেষ্টা কৰিছো, আত্ম-নিৰ্ভৰশীল ভাৰতৰ যোগেদি দেশত নতুন যুগৰ আৰম্ভনি হ'ব ৷
লগতে পঢ়ক: 2020ত সফল পৰীক্ষণ সম্পন্ন হোৱা ভাৰতৰ ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহ