ETV Bharat / bharat

৬৮ সংখ্যক 'মন কী বাত' : দেশবাসীৰ পৰা উপদেশ বিচাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে - প্ৰধানমন্ত্ৰীৰ ৬৮সংখ্যক 'মন কী বাত'

অনাতাঁৰ কেন্দ্ৰযোগে প্ৰতি মাহে প্ৰচাৰিত 'মন কী বাত' অনুষ্ঠানত জনতাৰ উপদেশ বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। চলিত মাহৰ ৩০তাৰিখে প্ৰচাৰিত হ'বলগীয়া ৬৮সংখ্যক 'মন কী বাত'ত দেশবাসীৰ সহযোগিতাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। লগতে কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ বীৰ সৈনিকৰ সাহসৰ ছবি প্ৰতিফলিত কৰা কাহিনীৰ বিষয়ে অৱগত কৰাবলৈও দেশৰ যুৱ প্ৰজন্মক আহ্বান জনালে।

PM Modi invites ideas, inputs from countrymen for 68th edition of 'Mann Ki Baat'
৬৮সংখ্যক 'মন কী বাত'ৰ বাবে দেশবাসীৰ পৰা উপদেশ বিচাৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে
author img

By

Published : Aug 18, 2020, 1:03 PM IST

Updated : Aug 18, 2020, 1:46 PM IST

নিউজ ডেস্ক, 18 আগষ্ট : চলিত মাহৰ ৩০ তাৰিখে প্ৰচাৰিত হ'বলগীয়া ৬৮ সংখ্যক 'মন কী বাত'ৰ বাবে দেশবাসীৰ পৰা উপদেশ বিচাৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। অনাতাঁৰ কেন্দ্ৰযোগে প্ৰতি মাহে প্ৰচাৰিত 'মন কী বাত' অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ভাৰতৰ জনতাৰ পৰা উপদেশ বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰতি মাহৰ শেষৰটো দেওবাৰে প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' অনুষ্ঠান অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ কৰা হয়। উল্লেখ্যে যে, আগষ্ট মাহৰ ৩০ তাৰিখে প্ৰচাৰিত হ'ব প্ৰধানমন্ত্ৰীৰ ৬৮ সংখ্যক 'মন কী বাত'। 'মন কী বাত'ত এইবাৰ দেশবাসীৰ সহযোগিতাৰ কামনা কৰি তেওঁলোকৰ মতামত আৰু উপদেশ আগবঢ়াবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

'নমো' আৰু 'মাই গ'ভ' এপ অথবা ১৮০০-০০-৭৮০০ নম্বৰত ফোন বা মেছেজ কৰিও দেশবাসীয়ে মতামত আগবঢ়াৱ পাৰিব। যোৱা ১০ আগষ্টৰ পৰা ফোন কৰিবলৈ বা মেছেজ প্ৰেৰণৰ বাবে ফোনলাইন মুকলি কৰি দিয়া হৈছে। '৬৮সংখ্যক 'মন কী বাত'ত কি কি বিষয়ত আলোচনা কৰা উচিত' এই সন্দৰ্ভত পৰামৰ্শ দিবলৈ দেশবাসীক টুইটযোগে আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

উল্লেখ্যে যে, কাৰ্গিল বিজয় দিৱসৰ ২১ সংখ্যক বাৰ্ষিকী উপলক্ষে ৬৭সংখ্যক 'মন কী বাত'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বীৰ জোৱানসকলক স্মৰণ কৰে। লগতে ভাৰতৰ ভূমি অহৰহ কোপদৃষ্টি ৰখা পাকিস্তান সমালোচনাৰে থকাসৰকা কৰে। ভাৰতৰ বন্ধুত্বসুলভ ব্যৱহাৰ দেখি পাকিস্তানে ভাৰতক দুৰ্বল বুলি নাভাবিবলৈও সকীয়াই দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে আগষ্ট মাহৰ ৩০ তাৰিখে প্ৰচাৰিত হ'বলগীয়া ৬৮সংখ্যক 'মন কী বাত'ৰ বাবে যুৱ প্ৰজন্মৰ পৰাও পৰামৰ্শ তথা মতামতৰ আশা ব্যক্ত কৰিছে। কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ বীৰ সৈনিকৰ সাহসৰ ছবি প্ৰতিফলিত কৰা কাহিনীৰ বিষয়ে অৱগত কৰাবলৈও দেশৰ যুৱক-যুৱতীসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও 'www.gallantryawards.gov.in' ৱেবছাইটত গৈ ভাৰতৰ বীৰ সৈনিকৰ বিজয় গাঁথাৰ বিষয়ে পঢ়াৰ লগতে বন্ধু-বান্ধৱীকো এই বিষয়ে অৱগত কৰাবলৈ যুৱ প্ৰজন্মক প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান জনাইছে।

লগতে পঢ়ক : এইমছত ভৰ্তি গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Aug 18, 2020, 1:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.