ETV Bharat / bharat

দ্বিপাক্ষিক বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোডী আৰু শ্বেখ হাছিনা

author img

By

Published : Oct 5, 2019, 2:59 PM IST

Updated : Oct 5, 2019, 3:14 PM IST

শনিবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই বৈঠকতে বাণিজ্য, অৰ্থনীতিৰ দৰে বহুকেইটা গুৰুত্বপূৰ্ণ চুক্তিত দুয়ো দেশে স্বাক্ষৰ কৰিব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু শ্বেখ হাছিনা

নেশ্বনেল ডেস্ক, 5 অক্টোবৰ : শনিবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে টুইটৰ জৰিয়তে এই কথা প্ৰকাশ কৰি কয় যে, ভাৰত ভ্ৰমণৰত শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰী মোডীয়ে উষ্ম আদৰণি জনায় ৷ ভাৰত- বাংলাদেশ সম্পৰ্ক দৃঢ় কৰাৰ লক্ষ্যৰে দুয়োগৰাকী নেতাই 10 দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মিলিত হয় ৷

উল্লেখ্য যে, যোৱা মাহত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দুয়োগৰাকী প্ৰধানমন্ত্ৰী মিলিত হৈছিল ৷

পূৰ্বেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছিল যে, শ্বেখ হাছিনাৰ এই ভ্ৰমণকালতে বাণিজ্য, অৰ্থনীতিৰ দৰে বহুকেইটা গুৰুত্বপূৰ্ণ চুক্তিত দুয়ো দেশে স্বাক্ষৰ কৰিব ৷ ইয়াৰ পূৰ্বে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰেও বাংলাদেশ ভ্ৰমণ কৰি শ্বেখ হাছিনাৰ সৈতে মিলিত হৈছিল ৷

উল্লেখ্য যে, শনিবাৰৰ দিনটোতে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ সৈতেও মিলিত হ'ব শ্বেখ হাছিনা ৷

Intro:Body:Conclusion:
Last Updated : Oct 5, 2019, 3:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.