ETV Bharat / bharat

দেশৰ অৰ্থনীতিৰ বাবে ২০ লাখ কোটিৰ আৰ্থিক পূঁজিৰ ঘোষণা - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দেশবাসীক সম্বোধন কৰি এই বিপদৰ সময়ত সকলোৱে একেলগে মাৰ বান্ধি ঠিয় দিব লাগিব বুলি দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ২০ লাখ কোটিৰ এক আৰ্থিক সাহাৰ্য পূঁজিৰ ঘোষণা কৰে । অৱশ্যে এই বিষয়ে বিত্তমন্ত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত উল্লেখ কৰিব বুলি জনায় প্ৰধানমন্ত্ৰীয়ে ।

২০ লাখ কোটিৰ আৰ্থিক পূঁজিৰ ঘোষণা
২০ লাখ কোটিৰ আৰ্থিক পূঁজিৰ ঘোষণা
author img

By

Published : May 12, 2020, 10:07 PM IST

নিউজ ডেস্ক, ১২ মে' : দেশক আত্মনিৰ্ভৰশীল হৈ কোভিড-১৯ মহামাৰী বিৰুদ্ধে যুঁজ দিবলৈ কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মঙলবাৰে নিশা দেশবাসীক সম্বোধন কৰি দেশৰ অৰ্থব্যৱস্থাৰ বাবে ২০ লাখ কোটিৰ এক বিশেষ পূঁজিৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে । অৱশ্যে এই পূঁজি কিদৰে খৰচ কৰা হ'ব অথবা কি কি খণ্ডই ইয়াৰ পৰা লাভৱান হ'ব সেইদিশত কোনো কথা উল্লেখ নকৰিলে প্ৰধানমন্ত্ৰীয়ে ।

দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, "মই আজি এক বিশেষ অৰ্থনৈতিক পূঁজি ঘোষণা কৰিলো । আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত এই পূঁজিয়ে বিশেষ ভূমিকা পালন কৰিব । ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি কোভিডৰ বিৰুদ্ধে এই পূঁজি ঘোষণা কৰিলো, এই পূঁজিত থাকিব সৰ্বমুঠ ২০ লাখ কোটি । ভাৰতৰ মুঠ জনমুৰি আয়ৰ এয়া মাত্ৰ ১০ শতাংশ । মানৱতাই কৰ'ণা ভাইৰাছৰ ওচৰত হাৰ নামানে যদিও মানুহে সুৰক্ষিত থাকি আগবাঢ়ি যাব লাগিব । আমি এনেকুৱা সংকটৰ বিষয়ে আগতে দেখাও নাছিলো, শুনাও নাছিলো । এয়া মানৱ জাতিৰ বাবে সঁচাকৈ কল্পনাৰো অতীত । আমি কেৱল নিজকে সুৰক্ষিত কৰি ৰখাই নহয়, আমি আগবাঢ়ি যাব লাগিব ।"

"বিগত চাৰিমাহ ধৰি বিশ্বই এই ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছে । এই ভাইৰাছৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৪২ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে ২.৭৫ লাখ লোকে প্ৰাণ ত্যাগ কৰিছে । ভাৰততো বহু পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাইছে । মই সকলো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । আজি সমগ্ৰ বিশ্বই সংকটৰ সৈতে যুঁজি থকাৰ সময়ত আমি আগলৈ আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছো ।" প্ৰধানমন্ত্ৰীয়ে লগতে এইদৰে কয় ।

তৃতীয় পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ পূৰ্বেই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বিষয়ে ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে । দেশবাসীক উদ্দেশ্যি সম্বোধন কৰা ভাষণত এই কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অহা ১৮ মে'ৰ পূৰ্বেই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বিষয়ে উল্লেখ কৰিব কেন্দ্ৰীয় চৰকাৰে ।

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ভাৰতে আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে পাঁচটা দিশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ কয় । অৰ্থনীতি, আন্তঃগাঁথনি, পদ্ধতি, জনগাঁঁথনি আৰু চাহিদা; এই পাঁচটা দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দেশ আগবাঢ়ি যাব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.