ETV Bharat / bharat

বিহাৰত প্ৰধানমন্ত্ৰী মোডী, ৰাহুল গান্ধীৰ পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Oct 24, 2020, 10:22 AM IST

শুকুৰবাৰে বিহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পৃথকে-পৃথকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ৷ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি দুয়োগৰাকী নেতাই এজনে আনজনক বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি আক্ৰমণ চলোৱা পৰিলক্ষিত হয় ৷

PM Modi and Rahul Gandhi kicked off election campaign in poll bound Bihar
নিৰ্বাচনক কেন্দ্ৰ কৰি বিহাৰত প্ৰধানমন্ত্ৰী আৰু ৰাহুল গান্ধীৰ পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

নিউজ ডেস্ক, 24 অক্টোবৰ : সমাগত বিহাৰৰ বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইতিমধ্যে প্ৰায়সমূহ ৰাজনৈতিক দলে নিজৰ সমৰ্থিত প্ৰাৰ্থীক বিজয়ী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি নিজৰ ৰণডংকা বজাবলৈ সক্ষম হৈছে ৷

শুকুৰবাৰে বিহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পৃথকে-পৃথকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ৷ প্ৰধানমন্ত্ৰী মোডী আৰু ৰাহুল গান্ধীয়ে তিনিখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ ইফালে, ৰাহুল গান্ধীয়ে নাৱাদা জিলাৰ হীচুৱাত RJD নেতা তেজস্বী প্ৰসাদ যাদৱৰ সৈতে ৰেলীত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : আগন্তুক 48 ঘন্টাৰ ভিতৰত ওড়িশাৰ পৰা আতৰিব মৌচুমী

নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিহাৰৰ দুৰ্নীতি প্ৰসংগ উত্থাপন কৰি লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালক কটাক্ষ কৰে ৷ আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত-চীন প্ৰসংগ উত্থাপন কৰি গালৱান ঘাটিত চীনা সৈন্যক আশ্ৰয় দিয়া বুলি বিজেপি চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰীক প্ৰতি আক্ৰমণ চলায় ৷

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 10 টা বিধানসভা সমষ্টিৰ 13 জন NDA ৰ প্ৰাৰ্থীক সমৰ্থন কৰি ৰেচম চহৰ ভাগলপুৰত দ্বিতীয়খন ৰেলীত অংশগ্ৰহণ কৰে ৷ দ্বিতীয়খন ৰেলীত অংশগ্ৰহণ কৰিও প্ৰধানমন্ত্ৰী গৰাকীয়ে বিপক্ষ দলক কটাক্ষ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : মোজাফপুৰৰ টাৱালিত আটক 6 দুধৰ্ষ বন্যপ্ৰাণী চোৰ

আনহাতে, ৰাহুল গান্ধীয়ে আন এখন সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে সীমান্তৰ দায়িত্বত থকা সাহসী সৈনিকসকলৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীলৈ অভিযোগৰ আঙুলি উত্থাপন কৰে ৷ লগতে, কৃষকৰ অধিকাৰ খৰ্ব কৰি তিনিখনকৈ কৃষক আইনৰ জৰিয়তে কৃষকৰ বজাৰ, মাটি পুঁজিপতিৰ হাতত গতাই দিবলৈ ওলোৱা বুলিও কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

একেদৰে ক'ভিড-19 ৰ প্ৰসংগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰি কয় যে, মহামাৰী কৰ'ণাৰ সময়ত চৰকাৰখনে দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ সক্ষম হোৱা নাই ৷ গতিকে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰূপায়ন কৰা কোনো আইনে এতিয়ালৈ সফল হোৱা নাই ৷ ক'লা ধন নাইকিয়া কৰিবলৈ বিমুদ্ৰাকৰণ কৰা হ'ল কিন্তু এই ব্যৱস্থাই ক'লা ধন ৰোধ কৰিব নোৱাৰিলে বৰঞ্চ দৰিদ্ৰ লোকসকলক কঠোৰ শাস্তি দিয়া বুলি উল্লেখ কৰিলে ৷ পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়ে কহলগাঁৱৰ আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি পৰৱৰ্তী সময়ত বিহাৰৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ চৰকাৰক ভোট দিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : আদম আলীক জেৰাঃ গৰু বেপাৰৰ আঁৰতো আছে নেকি অন্য কোনো ৰহস্য !

আনহাতে, প্ৰধানমন্ত্ৰীয়ে ভাগলপুৰৰ সভাত অংশগ্ৰহণ কৰি সকলো নাগৰিকক চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ নিৰ্বাচনত প্ৰায় 12 টা ৰেলীত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক : এইয়া ১৯৬২ চন নহয় ২০২০ ৰ ভাৰতঃ পেমা খাণ্ডু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.