ETV Bharat / bharat

শীঘ্ৰেই অন্ত পৰিব নেকি লকডাউন ! মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত প্ৰধানমন্ত্ৰী - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰ্তালাপ

মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বাৰ্তালাপত লকডাউনৰ পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত তথা অৰ্থনৈতিক কাৰ্যব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

শীঘ্ৰেই অন্ত পৰিব নেকি লকডাউন !
শীঘ্ৰেই অন্ত পৰিব নেকি লকডাউন !
author img

By

Published : May 11, 2020, 6:32 PM IST

নিউজ ডেস্ক, ১১ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ৰাজ্য়সমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে সোমবাৰে অনুষ্ঠিত হৈ যায় এক বিশেষ সভা । সভাত সহযোগিতামুলকভাৱে ৰাজ্যসমূহৰ সৈতে কনটেইনমেন্ট নীতি আৰু অৰ্থনৈতিক ব্যৱস্থা আৰম্ভ কৰাৰ ওপৰত আলোচনা কৰাৰ লগতে ৫৪ দিনযোৰা লকডাউন অন্ত পেলোৱাৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়কঃ লকডাউন : সোমবাৰে মুখ্য়মন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী

প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ নিজ নিজ গৃহৰাজ্যলৈ গমন তথা ইয়াৰ ফলত অৰ্থনীতিত হ'ব পৰা সম্ভাৱ্য পৰিস্থিতিৰ ওপৰতো সভাত আলোচনা কৰা হয় । বিগত ২৭ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা সভাত নিজৰ মত প্ৰকাশ কৰিবলৈ নোপোৱা মুখ্যমন্ত্ৰীসকলৰ বিভিন্ন দিশৰ ওপৰতো আজি আলোচনা কৰা হয় । আলোচনাত প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ লগতে মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডী (অন্ধ্ৰপ্ৰদেশ), মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং (পঞ্জাৱ), মুখ্য়মন্ত্ৰী নীতিশ কুমাৰ (বিহাৰ), মুখ্য়মন্ত্ৰী যোগী আদিত্যনাথ (উত্তৰ প্ৰদেশ), মুখ্য়মন্ত্ৰী পেমা খান্দু (অৰুণাচল প্ৰদেশ)ৰ লগতে বাকীসকলে অংশগ্ৰহণ কৰে ।

দেশৰ কেবিনেট সচিব ৰাজীৱ গৌবাৰ সৈতে দেওবাৰে অনুষ্ঠিত হৈ যোৱা এক সভাত ৰাজ্যসমূহৰ মুখ্য সচিবসকলে, কোভিড-১৯ৰ সকলো প্ৰতিকাৰমুলক ব্যৱস্থাৰে সহযোগিতাৰে লাহে লাহে অৰ্থনৈতিক কামসমূহ আৰম্ভ কৰাৰ ওপৰত আলোচনা অনুষ্ঠিত হৈছিল ।

শ্ৰমিকসকল নিজ নিজৰ ৰাজ্যলৈ ওভটি যোৱাৰ ফলত উদ্যোগসমূহ আৰম্ভ কৰাত প্ৰত্যাহ্বানে দেখা দিব পাৰে, যদিও শ্ৰমিক নীতিৰ ওপৰত ৰাজ্যসমূহে কিছু ৰেহাইৰ দ্বাৰা ফেক্টৰি আউটপুটৰ ওপৰত কাম কৰিব পাৰিব । আলোচনাত ৰেড জ'ন অঞ্চলসমূহক গ্ৰীণ নাইবা অৰেঞ্জ জ'নলৈ কিদৰে প্ৰত্যাৱৰ্তন কৰিব পাৰি সেই সন্দৰ্ভতো গুৰুত্ব প্ৰদান কৰা হয় ।

বিগত ২৭ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈছিল । সেই আলোচনাৰ পিচতে ১৭ মে'লৈকে লকডাউন বঢ়াই দিয়া হৈছিল যদিও অৰ্থনৈতিক কাৰ্যকলাপৰ লগতে মানুহৰ অহা-যোৱাত কেতবোৰ শিথিলতাও প্ৰদান কৰা হৈছিল ।

লগতে পঢ়কঃ যাত্ৰীবাহী ৰেলৰ সেৱা আৰম্ভ কৰিবলৈ সাজু ভাৰতীয় ৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.