ETV Bharat / bharat

১১৩ সংখ্যক জন্মবাৰ্ষিকীত শ্বহীদ ভগত সিঙলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Sep 28, 2020, 3:22 PM IST

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ ভগত সিঙৰ আজি ১১৩ সংখ্যক জন্মবাৰ্ষিকী । অগ্নি যুগৰ বিপ্লৱী নেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । শ্বহীদ ভগত সিঙৰ বৈপ্লৱিক সত্বা তথা বীৰত্বৰ কাহিনী স্মৰণ কৰি টুইট কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

১১৩ সংখ্যক জন্মবাৰ্ষিকীত শ্বহীদ ভগত সিঙলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
১১৩ সংখ্যক জন্মবাৰ্ষিকীত শ্বহীদ ভগত সিঙলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ২৮ছেপ্টেম্বৰ: দেশমাতৃৰ ৰক্ষাৰ বাবে প্ৰাণ আঁহুতি দিয়া বিপ্লৱী নেতা ভগত সিঙৰ আজি ১১৩ সংখ্যক জন্মবাৰ্ষিকী। শ্বহীদ ভগত সিঙৰ বীৰত্বক সুঁৱৰিছে সমগ্ৰ দেশবাসীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও টুইটযোগে শ্ৰদ্ধা নিবেদন কৰি স্মৰণ কৰে বিপ্লৱী নেতাগৰাকীক । ভগত সিঙৰ বৈপ্লৱিক সত্বাই চিৰদিন দেশবাসীক প্ৰেৰণা যোগাব বুলি টুইটত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে 'মন কী বাত'ৰ এটা ভিডিঅ'ও সংযোজন কৰে, য'ত তেওঁ সংগ্ৰামী নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় ।

  • मां भारती के वीर सपूत अमर शहीद भगत सिंह की जयंती पर उन्हें कोटि-कोटि नमन। वीरता और पराक्रम की उनकी गाथा देशवासियों को युगों-युगों तक प्रेरित करती रहेगी। pic.twitter.com/LMy2Mlpkol

    — Narendra Modi (@narendramodi) September 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

১৯০৭চনৰ আজিৰ দিনটোতে বৰ্তমান পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱা পঞ্জাৱৰ লায়ালপুৰত ভগত সিঙৰ জন্ম হৈছিল । ব্ৰিটিছ বিৰোধী আন্দোলনৰে জড়িত হৈ থকা পৰিয়ালত জন্মগ্ৰহণ কৰা সিঙে কৈশোৰ কালৰে পৰা ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়াৰ অদম্য সাহস মনত বান্ধি ৰাখিছিল । বুদ্ধিমত্তা আৰু দলক নেতৃত্ব প্ৰদান কৰিব পৰা ক্ষমতাৰে পৰিপুষ্ট হোৱাৰ বাবে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েছনৰ নেতৃত্ব দিবলৈও সক্ষম হৈছিল । ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ ফলশ্ৰ্ৰুতিত ২৩ বছৰ বয়সতে ১৯৩১ চনৰ ২৩ মাৰ্চত তেওঁক ফাঁচী দিয়া হয়।

  • अपने परिवर्तनकारी विचारों व अद्वितीय त्याग से स्वतंत्रता संग्राम को नई दिशा देने वाले और देश के युवाओं में स्वाधीनता के संकल्प को जागृत करने वाले शहीद भगत सिंह जी के चरणों में कोटि-कोटि वंदन।

    भगत सिंह जी युगों-युगों तक हम सभी देशवासियों के प्रेरणा के अक्षुण स्त्रोत रहेंगे। pic.twitter.com/Zlj7KU2TIK

    — Amit Shah (@AmitShah) September 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আজি ১১৩ সংখ্যক জন্মবাৰ্ষিকীক শ্বহীদ ভগত সিঙক স্মৰণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ভগত সিঙৰ ত্যাগে ভাৰতৰ স্বাধীনতা সংগ্ৰামক আন এক গতি দিছিল বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ আদৰ্শই যুৱ প্ৰজন্মক স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰে বুলি টুইটত উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.