নেশ্বনেল ডেস্ক, 14 জানুৱাৰীঃ প্লাষ্টিকৰ ক্ৰমবৰ্ধমান ব্যৱহাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰজোৰা সজাগতা চলাৰ পূৰ্বেই এই যুঁজ আৰম্ভ হৈছিল ৰাজস্থানৰ আলৱাৰ জিলাত ৷ হেল্পিং হেণ্ড আলৱাৰৰ এটি পৰিছন্নতা সজাগতা সৃষ্টিকাৰী স্বেচ্ছাসেৱকৰ গোট ৷ প্ৰতি দেওবাৰে জিলাখনৰ নাগৰিকসকলে ক্লীন আলৱাৰ আন্দোলনৰ জৰিয়তে বিভিন্ন পথ, কলনী আদি পৰিস্কৰণৰ বাবে একগোট হয় ৷ স্বেচ্ছাসেৱকসকলে স্বচ্ছতাৰ কাৰ্যসূচীত অংশ ল'বলৈ পথলৈ ওলাই আহে ৷
হেল্পিং হেণ্ড হৈছে যুৱ সমাজৰ দ্বাৰা সংগঠিত স্বেচ্ছাসেৱক সংস্থা ৷ প্ৰায় পাঁচবছৰ পূৰ্বে বহুকেইজন স্বেচ্ছাসেৱক আৰু সহযোগীয়ে ইয়াক গঠন কৰিছিল ৷ প্ৰতি দেওবাৰে হেল্পিং হেণ্ডৰ স্বেচ্ছাসেৱকসকলে ৰাজহুৱা স্থানসমূহ পৰিস্কাৰ কৰে ৷ হেল্পিং হেণ্ডৰ এই আন্দোলন বিগত পাঁচ বছৰ ধৰি চলি আছে আৰু আলৱাৰকে ধৰি ৰাজ্যখনৰ বাহিৰলৈও বিস্তাৰ হৈছে ৷
প্লাষ্টিক জাৱৰসমূহ সংগ্ৰহৰ পাচত পৰিশোধন কৰা হয় আৰু পৌৰ নিগমক যোগান ধৰা হয় ৷ স্বেচ্ছাসেৱক সকলে পৰিস্কৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে নিজাকৈ অৰ্থ সংগ্ৰহ কৰে ৷ আলৱাৰৰ প্ৰচাৰ প্ৰক্ৰিয়া একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ ৰোধৰ বাবে এক যোগাত্মক পদক্ষেপ ৷
লগতে পঢ়কঃটোকোৰা চৰাইৰ বাহৰ আৰ্হিত ভেলাঘৰ