নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ চিকিৎসাৰ নিৰ্দেশাৱলী তাৎক্ষণিক ভাৱে চৰকাৰক পৰিৱৰ্তন কৰাৰ দাবী জনাই শীঘ্ৰে শুনানি হোৱাকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন । আবেদনত উল্লেখ কৰা হৈছে কৰ'ণা চিকিৎসাৰ নিৰ্দেশাৱলী মতে যি সকলক HCQ-AZM আৰু MCQ-AZMৰ সংমিশ্ৰণ দিয়া হৈছে তাৰ কিন্তু পাৰ্শ্বপ্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা অধিক । বিশেষকৈ হৃদ ৰোগীসকলৰ বাবে।
চিকিৎসক কুনাল শ্বাহাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এই আবেদন । আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত পোৱা গৈছে যে,HCQ আৰু AZM সংমিশ্ৰণ লোৱা ৰোগীৰ ৩৮ দিনলৈ বুকু বিষ,হৃদক্ৰিয়া বন্ধ হোৱাৰ সংখ্যা অধিক বৃদ্ধি পাইছে ।
আবেদনত উল্লেখ কৰা হৈছে,গম্ভীৰ ভাৱে অসুস্থ ৰোগীক ভাৰতৰ বিভিন্ন ঠাইৰ আই চি ইউ সমূহত বিবাদময়,নিৰৰ্থক আৰু সাম্ভাৱ্যপূৰ্ণ বিষাক্ত অফ লেবেল ঔষধ MCQ আৰু AZM ব্যৱহাৰৰ অধীন কৰা হৈছে । লগতে কোৱা হৈছে ইণ্টাৰনেশ্যনেল মেডিকেল পাব্লিকেশ্যনৰ হৃদ ৰোগ সম্বন্ধীয় জটিলতা আৰু সাম্ভাৱ্য মৃত্য়ুৰ সংখ্য়া প্ৰতিৰোধ কৰা সতৰ্কতামূলক ব্য়ৱস্থা সমূহৰ প্ৰয়োজনীয়তা অবিহনেই চৰকাৰে এই সমূহ ব্য়ৱহাৰৰ পৰামৰ্শ দিছে । চৰকাৰে ইণ্টাৰনেশ্যনেল মেডিকেল পাব্লিকেশ্যনৰ যুক্তিযুক্ততাক আওকাণ কৰি এক বৃহৎ ভুল কৰিছে বুলিও উল্লেখ কৰিছে শ্বাহাই ।
যাৰ বাবেই শীঘ্ৰেই ইয়াৰ ওপৰত বিচাৰ কৰি মৃত্যুৰ সংখ্যা ৰোধ কৰিবলৈ চৰকাৰক চিকিৎসাৰ নিৰ্দেশাৱলী তাৎক্ষণিক ভাৱে পৰিৱৰ্তন কৰাৰ দাবী জনাই এক আবেদন দাখিল কৰা হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ।
লগতে চাওকঃ হৃদৰোগ আৰু হাইড্ৰ'ক্সিক্ল'ৰ'কুইন