ETV Bharat / bharat

প্ৰবাসী শ্ৰমিকক গৃহনগৰলৈ যাবৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল - মহামাৰী COVID-19

লক ডাউনৰ মাজত তথা মহামাৰী COVID-19 নমুনা সংগ্ৰহ পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ ওলোৱা প্ৰবাসী শ্ৰমিক সকলক নিজ নিজ বাসগৃহলৈ যাবলৈ অনুমতি বিচাৰি শনিবাৰে জনহিতাৰ্থে আবেদন দাখিল উচ্চতম ন্যায়ালয়ত ।

উচ্চতম ন্যায়ালয়
প্ৰবাসী শ্ৰমিকক গৃহনগৰলৈ যাবৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল
author img

By

Published : Apr 18, 2020, 8:28 PM IST

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ লক ডাউনৰ পাচত দেশজুৰি তথা প্ৰবাসী শ্ৰমিক সকলক মহামাৰী COVID-19 ৰ পৰীক্ষা কৰি নিজ নিজ ৰাজ্যলৈ যাবলৈ দিয়াৰ অনুমতি প্ৰদান কৰিবলৈ শনিবাৰে উচ্চতম ন্যায়ালয়ত জনহিতাৰ্থে আবেদন দাখিল কৰে অধিবক্তা প্ৰশান্ত ভূষণে ।

উচ্চতম ন্যায়ালয়
প্ৰবাসী শ্ৰমিকক গৃহনগৰলৈ যাবৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

আবেদনত উল্লেখ আছে যে,ৰাজ্য চৰকাৰে চহৰৰ সমূহৰ পৰা প্ৰবাসী শ্ৰমিকসকলক নিজ নিজ বাসগৃহলৈ যাব পৰাকৈ ব্যৱস্থা কৰি দিব লাগে কেন্দ্ৰীয় চৰকাৰে । এই আবেদনখন Association for Democractic Reforms (ADR) প্ৰাক্তন অধ্যাপক তথা প্ৰতিষ্ঠাপক ট্ৰাষ্টি জগদ্বীপৰ জৰিয়তে অধিবক্তা গৌৰৱ জনৰ পক্ষত অধিবক্তা প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ত আবেদন জনাই ।

যি সকল লোকৰ মহামাৰী COVID-19ৰ নমুনা সংগ্ৰহৰ পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ হয়,তেখেতসকলৰ আশ্ৰয় ব্যৱস্থা তথা তেওঁলোকক নিজৰ নিজৰ পৰিয়ালৰ ওচৰলৈ যাব দিব লাগে । চৰকাৰে তেখেতসকলৰ গৃহ নগৰলৈ যাবৰ বাবে বাহন ব্যৱস্থা কৰি দিব লাগে বুলিও আবেদনত উল্লেখ কৰে ।

আনহাতে, আবেদনখনত উল্লেখ আছে বিগত কিছুদিন পূৰ্বে সংবাদ মাধ্যমত যোগেদি এইটো খবৰ লাভ কৰা হৈছিল যে,প্ৰবাসী শ্ৰমিকসকলৰ মজুৰি আৰু তেখেতসকলক নিজ নিজ গাঁৱত থোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰৱাসী শ্ৰমিকসকলে ।

শ্ৰমিকসকলক স্থানীয় বাসিন্দাসকলে হাৰাশাস্তি কৰাৰ লগতে মাৰধৰ কৰা বুলিও আবেদন খনত উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.