নিউজ ডেস্ক, ১৫ মে': কৰ'ণা ভাইৰাছৰ ফলত বাৰুকৈ প্ৰভাৱিত হৈছে দেশৰ অৰ্থনীতি । শেহতীয়াকৈ কোনো কোনো ৰাজ্যত অৰ্থনীতিক পুনৰ তৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক হতকাৰী সিদ্ধান্ত । গুজৰাট, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ ৰাজ্য চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা শিল্প কল্যাণ আইনৰ পৰা শিল্প গোটক অব্যাহতি দিয়া আৰু কৰ্মঘণ্টা বৃদ্ধি কৰা পদক্ষেপৰ বিৰোধীতা কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন । চৰকাৰৰ দ্বাৰা শ্ৰম আইনক দুৰ্বল কৰাক লৈয়ে প্ৰত্যাহ্বান জনোৱা হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ।
ঝাৰখণ্ডৰ নিৱাসী পংকজ কুমাৰ যাদৱে তিনিখন ৰাজ্যৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰিছে ৰাজহুৱা স্বাৰ্থ জনিত আবেদন । আবেদনত এখন কল্যাণকামী ৰাজ্যাৰ দ্বাৰা ভুক্তভোগী নাগৰিক সকলক আৰ্থিক গতি-বিধি বিকাশৰ অজুহাতত তেওঁলোকৰ বিদ্যমান ক্ষয়-ক্ষতিৰ অধিকাৰ হৰণ কৰি দুৰ্দশা সময়ত বাধ্য কৰোৱাটো আশা কৰিব পৰা নাযায় বুলি উল্লেখ কৰা হৈছে ।
যাদৱে লগতে কয়, এই শ্ৰম নীতি-নিয়ম স্বাধীনতাৰ পাচতেই সংবিধানৰ অধিনিয়মৰ পূৰ্বেই বনোৱা হৈছিল । যিয়ে আইন সমূহৰ গুৰুত্ব সমূহক দৰ্শাই । শ্ৰমিকক ৰক্ষণাবেক্ষণ দিবলৈ যি আইন বনোৱা হৈছিল এতিয়া সেই সমূহৰ পৰা বঞ্চিত কৰিবলৈ শিথিলতা অনা হৈছে ।
তিনিখন ৰাজ্য়ই জাৰি কৰা এই অধিসূচনা বাতিল কৰাৰ দাবী কৰি অনুৰোধ জনাই পংকজ যাদৱে । য'ত অৰ্থব্যৱস্থাৰ পুনঃজীৱিত কৰাৰ বাবে ১৯৪৮ ৰ অধিনিয়মৰ ধাৰা সমূহক শিথিল কৰাৰ কথা উল্লেখ কৰা হৈছে ।