ETV Bharat / bharat

1 চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ‘বন্দে ভাৰত অভিযান’ৰ ষষ্ঠ পৰ্যায়

author img

By

Published : Aug 28, 2020, 10:15 AM IST

বন্দে ভাৰত অভিযানৰ পঞ্চম পৰ্যায়ৰ সময়ছোৱাত 22 খন দেশৰ পৰা প্ৰায় 900 খন আন্তঃৰাষ্ট্ৰীয় বিমান ভাৰতৰ 23 টা বিমানবন্দৰলৈ অৱতৰণ কৰে ৷ 26 আগষ্টলৈকে বিভিন্ন দেশত আবদ্ধ মুঠ 12 লাখ ভাৰতীয় লোকক দেশলৈ প্ৰত্যাৱৰ্তন কৰা হয় ৷

Phase 6 of Vande Bharat Mission to begin from September 1: MEA
1 চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ‘বন্দে ভাৰত অভিযান’ৰ ষষ্ঠ পৰ্যায়

নেশ্যনেল ডেক্স, 28 আগষ্টঃ 1 চেপ্তেম্বৰৰ পৰা বিদেশত থকা ভাৰতীয় নাগৰিকসকলক ওভটাই অনাৰ বাবে ‘বন্দে ভাৰত অভিযান’ৰ ষষ্ঠ পৰ্যায় আৰম্ভ হ’ব ৷ এই কথা জানিবলৈ দিয়ে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীৱাস্তবে ৷ আনহাতে, এই আঁচনিখনৰ পঞ্চম পৰ্যায় 31 আগষ্টত অন্ত পৰিব ৷

তেখেতে আৰু কয় যে, বন্দে ভাৰত অভিযানৰ পঞ্চম পৰ্যায়ৰ সময়ছোৱাত 22 খন দেশৰ পৰা প্ৰায় 900 খন আন্তঃৰাষ্ট্ৰীয় বিমান ভাৰতৰ 23 টা বিমানবন্দৰত অৱতৰণ কৰে ৷ 26 আগষ্টলৈকে বিভিন্ন দেশত আবদ্ধ মুঠ 12 লাখ ভাৰতীয় লোকক দেশলৈ প্ৰত্যাৱৰ্তন কৰা হয় ৷

এই পৰ্যন্ত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, ইউএই, কাটাৰ আৰু মালদ্বীপৰ সৈতে এয়াৰ বাবল ব্যৱস্থা স্থাপন কৰিছে ৷ ইয়াৰ উপৰিও অষ্ট্ৰেলিয়া, ইটালী, জাপান, নিউজিলেণ্ড, নাইজেৰিয়া, বাহৰেইন, ইজৰাইল, কেনিয়া, ফিলিপাইছ, ৰাছিয়া, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডৰ সৈতে এই সন্দৰ্ভত আলোচনা অব্যাহত আছে ৷

লগতে পঢ়ক-লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদত অধিস্থিত হ‘ল সাংসদ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.