ETV Bharat / bharat

মোডীৰ শাসনকালত পেট্ৰ'লিয়াম পণ্যৰ আৱকাৰী শুল্ক তিনিগুন বৃদ্ধি - পেট্ৰ'লিয়াম পণ্যৰ 2014ৰ আৱকাৰী শুল্ক 2020ত তিনিগুন বৃদ্ধি

বিশ্বযুৰি ক্ৰুড (কেঁচা) তেলৰ মূল্য হ্ৰাস পোৱাৰ পিচতো কেন্দ্ৰীয় চৰকাৰে বিগত মে' মাহতে পেট্ৰ'লিয়ামজাত পণ্যৰ ওপৰত অত্যধিক আৱকাৰী মূল্য আৰোপ কৰিছিল ৷ যাৰ ফলত পেট্ৰ'ল প্ৰতি লিটাৰত 10 টকা আৰু ডিজেল প্ৰতি লিটাৰত 13 টকাকৈ আৱকাৰী শুল্ক বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পিচতেই সমগ্ৰ দেশতে বৃদ্ধি পাইছিল পেট্ৰ'ল ডিজেলৰ মূল্য, অৱশ্যে প্ৰায় 21 দিনৰ অন্তত দেওবাৰে পেট্ৰ'ল ডিজেলৰ ওপৰত কোনো মূল্যবৃদ্ধি আৰোপ কৰা হোৱা নাই ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Jun 28, 2020, 4:07 PM IST

গুৱাহাটী, 28 জুন : আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিচটো কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লিয়ামজাত পণ্যৰ ওপৰত অধিক আৱকাৰী শুল্ক আৰোপ কৰিছিল ৷ বিগত মে' মাহত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে আৰোপ কৰা আৱকাৰী মূল্যৰ পিচতে পেট্ৰ'লত 10 টকা আৰু ডিজেলত 13 টকা আৱকাৰী শুল্ক বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা অতিৰিক্ত আৱকাৰী শুল্কৰ ফলত দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ লকডাউনৰ মাজতো এইদৰে গুৱাহাটীকে ধৰি দেশৰ প্ৰায়ভাগ মহানগৰীতে চৰকাৰে আৰোপ কৰা আৱকাৰী শুল্কৰ ফলত প্ৰায় 80 টকালৈকে বৃদ্ধি পাইছিল প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ মূল্য ৷

লগতে পঢ়কঃ পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া

পেট্ৰ'ল-ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিক লৈ দেওবাৰে মহানগৰীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ উদ্যোগত এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰেংগীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ প্ৰতিবাদকাৰীসকলে পেট্ৰ'লজাতীয় পণ্য সামগ্ৰীৰ মূল্যবৃদ্ধি চৰকাৰক অতিশীঘ্ৰে নিয়ন্ত্ৰণ কৰিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়কঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য হ্ৰাসৰ পিচতো ভাৰতত পেট্ৰ'ল-ডিজেলৰ ব্যাপক মূল্যবৃদ্ধি

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক বোৰ্ডে জাৰী কৰা নিৰ্দেশনা অনুসৰি, পেট্ৰ'লত বিশেষ অতিৰিক্ত আৱকাৰী শুল্ক প্ৰতি লিটাৰত ₹2 আৰু পথ শুল্ক ₹8 টকা বৃদ্ধি কৰা হয় ৷ একেদৰেই ডিজেলৰ ক্ষেত্ৰটো বিশেষ অতিৰিক্ত আৱকাৰী শুল্ক প্ৰতি লিটাৰত ₹5 আৰু পথ শুল্ক ₹8 টকা বৃদ্ধি কৰা হয় ৷ ইয়াৰ দ্বাৰাই আৱকাৰী শুল্ক হয়গৈ পেট্ৰ'ল প্ৰতি লিটাৰত সৰ্বমুঠ ₹32.98 আৰু ডিজেল প্ৰতিলিটাৰত ₹31.83 ৷ মোডী চৰকাৰে 2014 চনত দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত পেট্ৰ'লত থকা শুল্ক আছিল প্ৰতিলিটাৰত ₹9.48 আৰু ডিজেল প্ৰতিলিটাৰত আছিল ₹3.56 ৷

লগতে পঢ়কঃ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি এ জে ৱাই চি পিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.