নিউজ ডেস্ক,1জুন : অস্বাস্থ্যকৰ ৰূপত ওজন হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে ডেটিং এপছৰ ব্যৱহাৰকাৰীসকলৰ ৷ বমি,ডাইট পিল, উপবাস,ওজন কমোৱা ঔষধ,চাপলিমেন্ট আৰু ষ্টেৰ'ইডছ আদি সেৱনৰ দ্বাৰা সহজসাধ্যম ৰূপত ওজন কমোৱাৰ মানসিকতা ৷ 'জাৰ্ণেল অফ্ এটিং ডিছঅৰ্ডাৰ' নামৰ এখন আলোচনীত প্ৰকাশ পাইছে এই তথ্য ৷ বিগত 30 দিনৰ ভিতৰত তেওঁলোকৰ ডেটিং এপছ ব্যৱহাৰ কৰাৰ লগতে বিগত 12 মাহৰ ভিতৰত ওজন কমোৱা কাৰ্যত জড়িত হাৰ্ভাৰ্ড চান ফিজিকেল একটিভেটিত অধ্যয়নৰত 1,726 গৰাকী যুৱক-যুৱতীৰ ওপৰত চলোৱা হৈছিল এক সমীক্ষা ৷
