ETV Bharat / bharat

নেপালত আৱদ্ধ অসমৰ 35 গৰাকী লোক

লক্ ডাউনৰ বাবে নেপালত আৱদ্ধ হৈ পৰিছে অসমৰ 35 গৰাকী লোক ৷ চকু চিকিৎসাৰ বাবে নেপাললৈ যোৱা লোক কেইজনে বৰ্তমান নিজ গৃহলৈ ঘূৰি আহিব বিচাৰিছে ৷ অসম চৰকাৰৰ সহায় বিচাৰিছে তেওঁলোকে ৷

People facing problems due to Lock Down, Need Help Govt
চুবুৰীয়া ৰাষ্ট্ৰ নেপালত আৱদ্ধ অসমৰ 35 গৰাকী লোক
author img

By

Published : May 11, 2020, 10:23 PM IST

বাক্সা, 11 মে' : লক্ ডাউনৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ নেপালত আৱদ্ধ হৈ পৰিছে অসমৰ 35 গৰাকী লোক ৷ লক্ ডাউনৰ পূৰ্বে নেপালৰ ঝাপা জিলাৰ বিৰ্তামোড চহৰৰ মেচি চকু চিকিৎসালয়লৈ গৈছিল অসমৰ এই সকল লোক কেইজন ৷ কিন্তু বৰ্তমান লক্ ডাউনৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে লোক কেইজন ৷

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত আৱদ্ধ অসমৰ 35 গৰাকী লোক

অসমৰ তিনিচুকীয়া, ওদালগুৰি, গোলাঘাটকে ধৰি বিভিন্ন প্ৰান্তৰ 35 গৰাকী ৰোগী আশ্ৰয় লৈছিল ঝাপা চহৰৰ নিউ কামাখ্যা হোটেলত ৷ কিন্তু পৰৱৰ্তী সময়ত আৰ্থিক সংকটত ভোগা লোক কেইজনে হোটেল ত্যাগ কৰিব লগা হোৱাত ওদালগুৰি জিলাৰ পৰা গৈ নেপালত ব্যৱসায় সুত্ৰে থকা পিংকু ভাই নামৰ লোক জনৰ ঘৰত আশ্ৰয় ল'ব লগা হয় ৷

কিন্তু বৰ্তমান অসমলৈ ঘূৰি আহিব বিচাৰিছে লোক কেইজন ৷ যাৰবাবে তেওঁলোকক অসমলৈ ঘূৰাই আনিবৰ বাবে অসম চৰকাৰক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : লক্ ডাউনৰ মাজতে মংগলদৈ চহৰত তীব্ৰ যান-জঁট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.