নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : পেজাৱাৰৰ ভবিষ্যতদ্ৰষ্টা, হিন্দু গুৰু আৰু সাধু বিশ্বেশা তীৰ্থ স্বামীৰ 88 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ৷ দেওবাৰে পুৱাৰ ভাগতে তেওঁক কেএমচি হাস্পাতালৰ পৰা ওদুপি শ্ৰী কৃষ্ণ মন্দিৰলৈ লৈ অনা হৈছিল ৷ স্বামীৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ওদুপি শ্ৰী কৃষ্ণ মন্দিৰত তেওঁৰ চিকিৎসাৰ বাবে ভেন্টিলেটৰৰ পৰা আৰম্ভ কৰি ICU ইউনিট সাজু কৰি ৰখা হৈছিল ৷
উল্লেখ্য যে, 20 ডিচেম্বৰৰ দিনা বিশ্বেশা তীৰ্থ স্বামীক শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে ICU ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু আৰোগ্য হোৱাৰ কোনো লক্ষণ পৰিলক্ষিত নোহোৱাত স্বামীৰ ইচ্ছামতেই তেওঁক মন্দিৰলৈ ঘূৰাই অনা হৈছিল ৷
আৰু পঢ়ক : 2019 বৰ্ষৰ অন্তিমটো 'মন কী বাত' সম্বোধন কৰিব মোডীয়ে