ETV Bharat / bharat

আমেৰিকা-তালিবান শান্তি চুক্তিয়ে উদ্বিগ্নতা বৃদ্ধি কৰিছে : উদয় ভাস্কৰ - ড'নাল্ড ট্ৰাম্প নেতৃত্বাধীন আমেৰিকা চৰকাৰ

ইটিভি ভাৰতৰ নিউজ এডিটৰ বিলাল ভট্টৰ সৈতে অৱসৰপ্ৰাপ্ত Codr উদয় ভাস্কৰৰ বাৰ্তালাপ ৷

বিলাল ভট্টৰ সৈতে অৱসৰপ্ৰাপ্ত Codr উদয় ভাস্কৰৰ বাৰ্তালাপ
আমেৰিকা-তালিবান শান্তি চুক্তিয়ে উদ্বিগ্নতা বৃদ্ধি কৰিছে
author img

By

Published : May 16, 2020, 5:15 PM IST

নেশ্যনেল ডেস্ক, 16 মে' : ড'নাল্ড ট্ৰাম্প নেতৃত্বাধীন আমেৰিকা চৰকাৰ আৰু তালিবানৰ মাজত স্বাক্ষৰিত হোৱা ডোহা শান্তি চুক্তিয়ে আফগানিস্তানত উদ্বিগ্নতা তথা হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি কৰিছে ৷ ইয়াৰ ফলত সাধাৰণ লোক আৰু অদৃশ্য শত্ৰুৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষই দেশখনৰ পৰিস্থিতি জটিল কৰি তুলিছে ৷ অচিনাক্ত বন্ধুকধাৰীয়ে কাবুলত নৱজাতক শিশুক হত্যা কৰাৰ পাচতে এই কথা প্ৰমাণিত হৈছিল যে, অপৰাধীসকলক বৰ্তমানেও নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু জনসাধাৰণৰ মনত শংকাই পোখা মেলিছে ৷

আমেৰিকা-তালিবান শান্তি চুক্তিয়ে উদ্বিগ্নতা বৃদ্ধি কৰিছে

তালিবানক শেষ কৰাৰ উদ্দেশ্যে 9/11 ৰ পাচত আমেৰিকাৰ সৈন্য় বাহিনীয়ে দেশখনত প্ৰৱেশ কৰিছিল ৷ ইয়াৰ জৰিয়তে সমগ্ৰ আফগানিস্তানতে সাধাৰণ অৱস্থা ঘূৰাই অনাৰ জৰিয়তে শান্তি প্ৰদান কৰাৰ চেষ্টা কৰিব বুলি আমেৰিকাই জানিবলৈ দিছিল ৷

তালিবানৰ বিৰুদ্ধে যুদ্ধ প্ৰায় শেষ হোৱাৰ উপক্ৰম হ'লেও হিংসাত্মক কাৰ্য বৰ্তমানেও চলি আছে ৷ যুদ্ধবিধস্ত আফগানিস্তানৰ পৰা সন্মান সহকাৰে প্ৰস্থান আৰু নিজৰ সৈন্য বাহিনীক দেশখনৰ পৰা সুৰক্ষিতভাৱে ঘূৰাই অনাৰ চেষ্টা কৰিছে আমেৰিকাই ৷

এই চুক্তি স্বাক্ষৰ হোৱাৰ পাচত ৰাষ্ট্ৰপতি ট্ৰাম্পে আফগানিস্তানত আমেৰিকান সৈন্যৰ দীঘলীয়া আৰু কষ্টকৰ যাত্ৰা বুলি মন্তব্য কৰিছিল ৷ তেওঁ কয়, "এতিয়া সময় হৈছে আমাৰ লোকসকলক ঘৰলৈ ঘূৰাই অনাৰ ৷"

"আফগানিস্তানত পথ নিৰ্মাণ, বিদ্যালয় স্থাপন আৰু সাংসদ নিৰ্মাণত সহযোগিতা আগবঢ়াই অহা ভাৰতে একেধাৰে নিৰপেক্ষ ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰিছে ৷ কিন্তু, আমেৰিকাৰ সৈতে তালিবানক আলোচনা প্ৰক্ৰিয়ালৈ অনাৰ ক্ষেত্ৰত পাকিস্তানৰ ভূমিকাও সমানেই গুৰুত্বপূৰ্ণ" - পৰিৱৰ্তিত পৰিস্থিতিত ভাৰতৰ আফগান নীতি সম্পৰ্কত প্ৰশ্ন কৰাত এই মন্তব্য অৱসৰপ্ৰাপ্ত নৌ সেনাৰ উচ্চপদস্থ বিষয়া উদয় শংকৰৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.